ETV Bharat / state

বঙাইগাঁৱত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি সাতজন ব্যক্তিক - সীমান্ত আৰক্ষী

বঙাইগাঁও জিলাৰ সাতজনকৈ লোকক দীৰ্ঘদিনৰ মূৰত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দিয়ে কৰ্তৃপক্ষই । বিদেশী ঘোষণাৰ পিচতে বন্দী শিবিৰলৈ প্ৰেৰণ কৰিছিল বিদেশী ন্যায়াধিকৰণে ৷

বঙাইগাঁৱত বন্দী শিবিৰৰ পৰা মুক্তি সাতজন ব্যক্তিৰ
author img

By

Published : Nov 21, 2019, 8:25 PM IST

চিৰাং, 21 নৱেম্বৰঃডিটেনশ্যন কেম্পৰ পৰা ব্যাক্তিগত জামিনত মুক্তি পালে বঙাইগাঁও জিলাৰ সাতজনকৈ লোকে ৷ বিগত তিনি/চাৰি বছৰৰ পাচত বন্দী শিবিৰৰ পৰা মুক্তি লাভ কৰিলে ব্যক্তি কেইগৰাকীয়ে ৷ মুক্তি লাভ কৰা লোকসকল ক্ৰমে,যোগীঘোপাৰ পল্লীৰতলৰ ছাৰু শ্বেখ,যোগীঘোপাৰ ঔডুবিৰ আজবাহাৰ আলী,যোগীঘোপাৰ চটপাৰাৰ আলী আকবৰ,হাপাছাৰাৰ ২নং গাৰোগাঁৱৰ মানিক জান,গৰাইমাৰী ৩নং নাচনগুৰীৰ জালাল উদ্দিন,অভয়াপুৰীৰ বোৱালিমাৰী নলডোবাৰ নিবাৰন মণ্ডল,মেৰেৰ চৰৰ আছৰ উদ্দিন ৷ ইয়াৰ মানিক জান নামৰ মহিলা গৰাকী কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত থকাৰ বিপৰীতে বাকীকেইজন গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত ৰখা হৈছিল । বৃহস্পতিবাৰে ডিটেনশ্যন কেম্পৰ পৰা আনি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিভাগীয় নীতি নিয়ম অনুসৰি মুকলি কৰি দিয়ে ব্যক্তি কেইগৰাকীক । আনহাতে,দীৰ্ঘ দিনৰ মূৰত ডিটেনশ্যন কেম্পৰ পৰা মুকলি হৈ পৰিয়াল লোকক পাই আৱেগিক হৈ পৰে লোকসকল।

বঙাইগাঁৱত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি সাতজন ব্যক্তিক

উল্লেখ্য যে, সীমান্ত আৰক্ষীৰ ভুলৰ বাবে ভাৰতীয় হোৱাৰ সকলো নথি পত্ৰ থকাৰ পাচতো এনেদৰে ডিটেনশ্যন কেম্পত থাকিবলগীয়া হোৱাৰ অভিযোগ বন্দী শিবিৰৰ পৰা মুক্তি লাভ কৰা ব্যক্তি কেইগৰাকীৰ ৷ লগতে,বন্দী শিবিৰ সমূহত থকা-খোৱা আৰু চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত হৈ পৰাৰো অভিযোগ উত্থাপন কৰে বৃহস্পতিবাৰে মুক্তি পোৱা আটাইকেইজন লোকে। বন্দী শিবিৰত এই সকল লোকক হাৰাশাস্তি কৰাৰো অভিযোগ।

বঙাইগাঁৱত বন্দী শিবিৰৰ পৰা মুক্তি সাতজন ব্যক্তিৰ

মানৱ অধিকাৰ কৰ্মী হৰ্ষ মান্দাৰে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে ডিটেনশ্যন কেম্পত তিনি বছৰতকৈ অধিক সময় কটোৱা লোকসকলৰ মুক্তি দিয়াৰ নিৰ্দেশনা দিছিল। সেই নিৰ্দেশনাৰ ভিত্তিতেই এই সকল লোকে ডিটেনশ্যন কেম্পৰ পৰা মুক্তি লাভ কৰাৰ সুবিধা পায়।

গছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

Intro:বঙাইগাঁও জিলাৰ সাতজনকৈ লোকক দীৰ্ঘদিনৰ মুৰত বন্দি শিবিৰৰ পৰা মুক্তি । বিদেশী ঘোষনাৰ পিচতে বন্দি শিবিৰলৈ প্ৰেৰন কৰিছিল বিদেশী ন্যায়াধিকৰনে ।

Body:আজি বঙাইগাঁও জিলাৰ সাতজনকৈ লোকক দীৰ্ঘ তিনি/চাৰি বছৰৰ পিচত ব্যাক্তিগত জামিনত বন্দিশিবিৰৰ পৰা মুক্তি । বন্দি শিবিৰৰ পৰা মুক্তি লাভ কৰা লোকসকল ক্ৰমে_যোগিঘোপাৰ পল্লীৰতলৰ ছাৰু সেখ(৬৬) তিনিবছৰ আছিল বন্দি শিবিৰত,যোগিঘোপাৰ ঔডুবিৰ আজবাহাৰ আলী(৫৫) তিনিবছৰ তিনি মাহ,যোগিঘোপাৰ চটপাৰাৰ আলী আকবৰ (৫৫) তিনিবছৰ, হাপাছাৰাৰ ২নং গাৰোগাঁওৰ মানিক জান (৫৪)চাৰি বছৰ ,গৰাইমাৰী ৩নং নাচনগুৰীৰ জালাল উদ্দিন(৫০) ৩ বছৰ তিনি মাহ,অভয়াপুৰীৰ বোৱালিমাৰী নলডোবাৰ নিবাৰন মণ্ডল(৬১) তিনি বছৰ চাৰি মাহ, মেৰেৰ চৰৰ আছৰ উদ্দিন (৬০) তিনি বছৰ পাঁচ মাহ থকাৰ পিচত আজি বন্দি শিবিৰৰ পৰা জামিনত মুক্তি লাভ কৰে । ইয়াৰে মানিক জান নামৰ মহিলা জনী কোকৰাঝাৰ বন্দি শিবিৰত থকাৰ বিপৰিতে আটাইকেইজন গোৱালপাৰাৰ বন্দি শিবিৰত আছিল । বন্দি শিবিৰৰ পৰা আনি বঙাইগাঁও জিলা আৰক্ষী অধিক্ষকৰ কাৰ্য্যালয়ত বিভাগীয় নীতি নিয়ম অনুসৰি মুকলি কৰি দিয়ে । দীৰ্ঘ দিনৰ মুৰত বন্দি শিৱিৰৰ পৰা মুকলি হৈ পৰিয়াল লোকক পাই আৱেগিক হৈ পৰে লোক সকল ।

বাইট : মানৱাধিকাৰ কৰ্মি আৰু বন্দি শিবিৰৰ পৰা মুক্তি পোৱা লোকৰ।

Conclusion:ভাৰতীয় হোৱাৰ সকলো নথী থকাৰ পিচতো সামান্য ভূলৰ বাবে এই সকল লোক এই দৰেই বন্দি শিবিৰত থাকিব লগীয়া হৈছিল সীমান্ত আৰক্ষীৰ ভূলৰ বাবে । বন্দি শিবিৰ সমুহত থকা-খোৱা আৰু চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত হৈ পৰিছে আজি মুক্তি পোৱা আটাইকেইজন লোক । বন্দি শিবিৰত এই সকল লোকক হাৰাশাস্থি কৰাৰো অভিযোগ কৰে ।
মানৱাধিকাৰ কৰ্মি হৰ্ষ মান্দাৰে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে বন্দি শিবিৰত তিনি বছৰতকৈ অধিক সময় কটোৱা লোক সকলৰ মুক্তি দিয়াৰ নিৰ্দেশনা দিছিল । সেই নিৰ্দেশনাৰ ভিত্তিতেই এই সকল লোকে বন্দি শিবিৰৰ পৰা মুক্তি লাভ কৰাৰ সুবিধা পাইছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.