ETV Bharat / state

বঙাইগাঁৱত অনুষ্ঠিত আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস - আলফা

অসমবাসীক খিলঞ্জীয়া অসমবাসীৰ হৈ কাম কৰা প্ৰাৰ্থীক ভোটদানৰ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ

বঙাইগাঁৱত অনুষ্ঠিত আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস
author img

By

Published : Apr 7, 2019, 3:14 PM IST

বঙাইগাঁও, 7 এপ্ৰিল : "আলফাই আলোচনা প্ৰক্ৰিয়া সম্পন্ন কৰি চুক্তি স্বাক্ষৰ নোহোৱালৈ কোনো নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে" ৷ দেওবাৰে বঙাইগাঁৱত অনুষ্ঠিত আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই এই মন্তব্য প্ৰকাশ কৰে ৷

বঙাইগাঁৱত অনুষ্ঠিত আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস

দেওবাৰে বঙাইগাঁও জিলাৰ 1 নং নোৱাপাৰাস্থিত অসম নৱ নিৰ্মাণ কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই সাংগঠনিক পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানত আলফাৰ কেন্দ্ৰীয় সমিতিৰ অনুপ চেতিয়া, শশ চৌধুৰী, ৰাজু বৰুৱা, প্ৰদীপ গগৈ, কাৱেৰী কছাৰী ৰাজখোৱা আৰু অমৰজিত গগৈকে ধৰি বহু লোক উপস্থিত থাকে ৷ এই অনুষ্ঠানত অৰবিন্দ ৰাজখোৱাই কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বেই আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চুক্তি স্বাক্ষৰ নকৰিলে আলোচনা প্ৰক্ৰিয়া ত্যাগ কৰি পূৰ্বৰ স্থিতিলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কিন্তু আলোচনাৰ ৰেহৰূপৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা প্ৰক্ৰিয়া বাহাল ৰখাৰ সিদ্ধান্ত কৰে তেওঁলোকে । ইয়াৰোপৰি তেখেতে কয় যে আলফাই আলোচনা প্ৰক্ৰিয়া সম্পন্ন কৰি চুক্তি স্বাক্ষৰ নোহোৱালৈকে কোনো নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে ৷ লগতে অসমবাসীক খিলঞ্জীয়া অসমবাসীৰ হৈ কাম কৰা প্ৰাৰ্থীক ভোটদানৰ আহ্বান জনায় । তদুপৰি এই নিৰ্বাচনত আলফাৰ কোনো ভূমিকা নাথাকে বুলি স্পষ্ট কৰি দিয়ে আলফা সভাপতি জনে ।

Intro:আজি আলফাৰ ৪০ সংখ‍্যক প্ৰতিষ্ঠা দিৱস । বঙাইগাঁও জিলাৰ ১নং নোৱাপাৰা স্থিত অসম নৱ নৰ্মান কেন্দ্ৰত আলফাৰ ৪০ সংখ‍্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় ভাৱে উদযাপন কৰে । আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই সাংগঠনিক পতকা উত্তোলনেৰে কাৰ্য‍্যসুচিৰ শুভাৰম্ভ কৰে । আলফাৰ কেন্দ্ৰীয় সমিতিৰ অনুপচেতিয়া,শশ চৌধুৰী,ৰাজু বৰুৱা,প্ৰদীপ গগৈ,কাবেৰী কচাৰী ৰাজখোৱা, অমৰজিত গগৈ লগতে অন‍্যান‍্য সকল উপস্থিত থকা অনুষ্ঠানত সভাপতি অৰবিন্দ ৰাজখোৱাই কয় যে এই লোক সভা নিৰ্বাচনৰ পুৰ্বেই আলোচনা প্ৰক্ৰীয়া সম্পুৰ্ণ কৰি চুক্তি স্বাক্ষৰ নকৰিলে আলোচনা প্ৰক্ৰীয়া ত‍্যাগ কৰি পুৰ্বৰ স্থিতিত ঘুৰি যোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল যদিও আলোচনাৰ ৰেহৰূপৰ প্ৰতি লক্ষ‍্য কৰি আলোচনা প্ৰক্ৰীয়া বাহাল ৰখাৰ সিদ্ধান্ত কৰে । আলফাই আলোচনা প্ৰক্ৰীয়া সম্পন্ন কৰি চুক্তি স্বাক্ষৰ নোহোৱালৈ কোনো নিৰ্ব্বাচনী প্ৰক্ৰীয়াত অংশগ্ৰহন নকৰে,ভোটদান নকৰে। অসম বাসীক খিলঞ্জীয়া অসমবাসীৰ হৈ কাম কৰা প্ৰাৰ্থীক ভোটদানৰ আহ্বান জনায়। এই নিৰ্ব্বাচনত আলফাৰ কোনো ভূমিকা নিথাকিব বুলি স্পষ্ঠ কৰি দিয়ে ।

বাইট : ১। অৰবিন্দ ৰাজখোৱা,
২। অনুপ চেতিয়া,
৩। প্ৰাণজিত শইকীয়া ।

১নং ভিজুৱেল এফটিপিত দিছো বাকী মজোত দিলো।।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : ১। অৰবিন্দ ৰাজখোৱা,
২। অনুপ চেতিয়া,
৩। প্ৰাণজিত শইকীয়া ।

Conclusion:১নং ভিজুৱেল এফটিপিত দিছো বাকী মজোত দিলো।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.