গুৰুজনাৰ আবিৰ্ভাৱ তিথিত আউনীআটী শাখা সত্ৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে শুকুৰবাৰে ডিব্ৰুগড়ৰ আউনীআটী শাখা সত্ৰত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মহাপুৰুষজনাৰ আৰ্দশই অসমীয়া সমাজ ব্যৱস্থাক এক শক্তিশালী সমন্বয়ৰ বাৰ্তা প্ৰদান কৰা লগতে একতাৰ দোলেৰে বান্ধি সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷ শংকৰদেৱৰ জন্মোৎসৱৰ লগতে ৰাজ্যবাসীক বিজয়া দশমীৰো শুভেচ্ছা প্ৰদান কৰে সোণোৱালে ৷
মিছাইল মেনৰ 90 সংখ্যক জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ
Missile Man of India ড৹ এ পি জে আব্দুল কালামৰ 90 সংখ্যক জন্ম বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৰাইজৰ ৰাষ্ট্ৰপতি হোৱাৰ পৰা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেপণাস্ত্ৰৰ বিকাশৰ নেতৃত্ব দিয়ালৈকে, প্ৰয়াত ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামে বিভিন্ন ক্ষেত্ৰত দেশৰ বিকাশত অৰিহণা যোগাইছে ৷
বিজয়া দশমীক লৈ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা
দেশত আয়োজন কৰা হৈছে বিজয়া দশমী । বিভিন্ন প্ৰান্তত পৃথক পদ্ধতিৰে আয়োজন কৰা এই বিশেষ দিনটোত দেশবাসীক শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
দোকানীক মাৰপিট : কাকপথাৰ আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
দুৰ্গা পূজাৰ উল্লাসৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কাকলাইনবাসীৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কাকপথাৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কাকপথাৰৰ কাকলাইনবাসীৰ ৷ কাকপথাৰ আৰক্ষীৰ এটা দলে নিশা বিনা কাৰণত 'নাগা' নামৰ এজন দোকানীক বেয়াকৈ মাৰপিট কৰাৰ লগতে বহুকেইজন দোকানীক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কাকলাইনৰ লোকসকল এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷
দেৱীক বিদায় দিবলৈ সাজু নগাঁৱৰ বাঙালী সন্মিলনী পূজা সমিতি
দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বিদায় দিবলৈ সাজু নগাঁৱৰ বাঙালী সন্মিলনী পূজা সমিতি ৷ পুৱাৰ পৰাই ভক্তৰ ভিৰ পূজা মণ্ডপসমূহত ৷ কিছু সময় পিছতেই দিয়া হ'ব বিসৰ্জন ৷
২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ হ'ব ৰাম মন্দিৰ
দ্ৰুতগতিত চলিছে আযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাম । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱাটো বিচাৰিছে বিজেপি চৰকাৰে । কিয়নো ৰাম মন্দিৰ আগন্তুক নিৰ্বাচনত বিশেষ ফেক্টৰ হ'ব বিজেপিৰ বাবে ।
বৰপথাৰত পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী
শেহতীয়াকৈ গোলাঘাট জিলাৰ বৰপথাৰত ড্ৰাগছ সম্পৰ্কীয় কেইবাটাও ঘটনা পোহৰলৈ আহিছে । যাৰ বাবে সষ্টম হৈছে বৰপথাৰ আৰক্ষী । এইবাৰ আন এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী বৰপথাৰ আৰক্ষীৰ জালত পৰিল ।
দিনজোৰা কাৰ্যসূচীৰে বৰপেটা সত্ৰত পালন কৰা হ’ব মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ(Sankardev Janmotsav) উপলক্ষে বৰপেটা সত্ৰত দিনজোৰা কাৰ্যসূচী ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰিছে সত্ৰনগৰী বৰপেটা(Barpeta Satra)ৰ চৌপাশ ৷ নাম-প্ৰসংগৰে পাচতে এক ভাগৱত শোভাযাত্ৰাও উলিয়াব ভকত-বৈষ্ণৱসকলে ৷
মহানৱীৰ দিনটোতে ব্যতিক্ৰমী প্ৰতিবাদ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ
মহানৱমীৰ দিনটোতে ব্যতিক্ৰমী ৰূপত দেখা গ’ল ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰক ৷ মহানৱমীৰ দিনটোত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিধায়কগৰাকীয়ে চাইকেল চলাই মণ্ডপে মণ্ডপে দেৱীৰ দৰ্শন কৰে ৷ মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি বিধায়ক আব্দুল বাতিন খন্দকাৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰে ৷
সামাজিক মাধ্যমৰ জৰিয়তে সদস্য ভৰ্তিৰ বাবে চেষ্টা চলাইছে আলফাই
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ কৰাৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তেই নতুন সদস্য যোগদানৰ বাবে যো-জা চলাইছে সশস্ত্ৰ সংগঠনটোৱে ৷ সামাজিক মাধ্যমৰ জৰিয়তে যুৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক সংগঠনটোত ভৰ্তি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আলফাই ৷ ডিব্ৰুগড় জিলাৰ কেইবাজনো যুৱকে ইতিমধ্যে আলফাত যোগদান কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে বৃহস্পতিবাৰে পুনৰ আন এজন যুৱকক আলফাত যোগদান কৰিবলৈ যোৱা সময়তেই আটক কৰে শিৱসাগৰ আৰক্ষীয়ে ৷