ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 5PM

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Nov 12, 2021, 5:15 PM IST

Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক

এমট্ৰ'ন (Assam Electronics Development corporation)ৰ একাউণ্টৰ পৰা ২ কোটি ৫৭ লাখ টকা হৰলুকি । দুটাকৈ গোচৰ ৰুজুৰ হোৱাৰ পাচতে গাণনিক বিষয়া ৰাহুল হুজুৰীক গ্ৰেপ্তাৰ চি আই ডিৰ ।

অবৈধ বাংলাদেশীক জালি স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান; ডিব্ৰুগড়ত এজনক আটক

ডিব্ৰুগড় চাউলখোৱাৰ চৰকাৰী গাঁওবুঢ়াৰ চহী, পেড, চীল মোহৰ জালিয়াতিৰে অবৈধ বাংলাদেশীক স্বদেশী সজো়ৱাৰ অভিযোগত ৱাৰুল আলী নাম এগৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে ৷ গাঁওবুঢ়া ৰুবুল আলীৰ চহী, পেড, চীল মোহৰ জালি কৰি সন্দেহযুক্ত নাগৰিকক চাউলখোৱাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল ৱাৰুল আলী আৰু ছাজিদ খান নামৰ দুই দালালে ।

জনীয়াৰ দুখনকৈ বিদ্যালয়ত National Achievement of Survey কাৰ্যসূচী

কলগাছিয়াৰ ফকৰুদ্দিন আলী আহমেদ একাডেমী(Fakhruddin Ali Ahmed Academy) আৰু বলাইপাথাৰস্থিত দক্ষিণ ৰূপসী হাই স্কুল(Dakshin Ruposi High School)ত নেশ্যনেল এছিভমেণ্ট অৱ ছাৰ্ভে(NAS) কাৰ্যসূচী ৷ ভাৰত চৰকাৰৰ শিক্ষা আৰু স্বাক্ষৰতা দপ্তৰৰ নিৰ্দেশত শুকুৰবাৰে সমগ্ৰ দেশতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়ন তথা সফলতাৰ মূল্যায়নৰ বাবে এই কাৰ্যসূচী হাতত লোৱা হৈছে ৷

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই

চৰকাৰী, প্ৰাদেশীকৃত অথবা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষার্থীসকলৰ বাবে পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই । এই ৰেহাইৰ ক্ষেত্ৰত শিক্ষার্থীসকলৰ পৰিয়ালৰ উপার্জন বছৰি ২ লাখ টকাৰ অধিক হ’ব নোৱাৰিব ।

লখিমপুৰ খেৰীৰ ঘটনা:১৫ নৱেম্বৰলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ

উত্তৰ প্ৰদেশ চৰকাৰৰ অনুৰোধত ন্যায়ালয়ে স্থগিত ৰাখিলে শুনানি । উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাটোৰ বিষয়ে অনুসন্ধান কৰিবলৈ আৰু দুমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব লগা তদন্তৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱক সদস্য আয়োগ হিচাপে নিযুক্তি দিছিল ।

উত্তৰ প্ৰদেশত পুনৰ দুজনৰ দেহত ধৰা পৰিছে জিকা ভাইৰাছ (Zika Virus)ৰ অৱস্থিতি

উত্তৰ প্ৰদেশত জিকা ভাইৰাছ (Zika Virus)ৰ সংক্ৰমণ অব্যাহত আছে ৷ জিকা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ তৃতীয়খন জিলা হিচাপে পৰিগণিত হৈছে ৷

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ এটা বছৰ : ৰাজহুৱা নহ’ল CIDৰ প্ৰতিবেদন

কাকপথাৰৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা এটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও নোলাল সাংবাদিকজনৰ মৃত্যুৰ আচল ৰহস্য ৷

INDvsNZ : প্ৰথমখন টেষ্ট মেচৰ পৰা বিৰতি কোহলীৰ; টীম ইণ্ডিয়াক নেতৃত্ব দিব ৰাহানেই

আগন্তুক 25 নৱেম্বৰত কানপুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলটোক নেতৃত্ব দিব আজিংক্য ৰাহানে(Ajinkya Rahane)ই ৷ প্ৰথমখন মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বিৰাট কোহলী(Virat Kohli) ৷ 3 ডিচেম্বৰত মু্ম্বাইত হ’বলগীয়া দ্বিতীয়খন মেচতহে ভাগ ল’ব কোহলীয়ে ৷

তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

ৰাজ্যত 10 আগষ্টৰ পৰা 10 নৱেম্বৰলৈ ক’ভিড(Covid)ত আক্ৰান্ত হৈ 631 গৰাকী লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা এইসকল লোকৰ ভিতৰত 451 গৰাকীয়েই গ্ৰহণ কৰা নাছিল ক’ভিড ভেকচিন(Covid Vaccine) । আনহাতে 180 গৰাকীয়ে ক’ভিড ভেকচিন লোৱাৰ পাচতো ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিবলগীয়া হৈছে । জি এম চি এইচ(GMCH)ত বিগত তিনি মাহত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে 322 গৰাকী লোকৰ । ইয়াৰে 227 গৰাকী লোকেই ভেকচিন লোৱা নাছিল ।

ৰাস সম্পৰ্কীয় ক'ভিড SOPক লৈ বিপাঙত ৰাস উদযাপন সমিতি

ৰাজ্যত ক'ভিডৰ (Covid) সংক্ৰমণ অব্যাহত আছে যদিও ঠায়ে ঠায়ে ৰাসৰ প্ৰস্তুতি আৰম্ভ হৈছে । বহু ঠাইত চলিছে শ্ৰীকৃষ্ণ ৰাসৰ আখৰা । ব্যতিক্ৰম নহয় যোৰহাট জিলাও । জিলাখনৰ টীয়কৰ বাম কুকুৰাচোৱাৰ ৰংগমঞ্চত দিনে নিশাই চলিছে ৰাসৰ আখৰা । কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ক'ভিড এছ'অপিক (Covid SOP) লৈ বিপাঙত পৰিছে ৰাস উদযাপন সমিতি ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.