ETV Bharat / state

11 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 3, 2022, 11:00 AM IST

11 বজাৰ শীৰ্ষ 10টা বাতৰি

TOP 10 @ 11 AM
11 বজাৰ শীৰ্ষ 10টা বাতৰি

Eid-ul-fitr-2022 : মৰিগাঁৱৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও চহৰৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ(Eid ul fitr celebrations 2022) ৷ প্ৰায় দহ সহস্ৰাধিক ইছলামধৰ্মী লোকে সমবেত হৈ আদায় কৰে পবিত্ৰ ৰমজানৰ ঈদৰ নামাজ(Eid ul fitr celebrations in Morigaon) ৷ জিলাখনৰ মৰিমুছলমান গাঁৱৰ বড় মছজিদৰ ইমাম কাৰী মৌলানা মেহবুব ইলাহীয়ে নেতৃত্ব বহন কৰে আজিৰ নামাজৰ ৷

President's colour award : বাইক ৰেলীৰ নেতৃত্ব বহনকাৰী আনন্দ মিশ্ৰ নলবাৰীত উপস্থিত

ৰাষ্ট্ৰপতি কালাৰ সম্মান(President's colour award) ৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিওৱা বাইক ৰেলী সোমবাৰে নিশা উপস্থিত হয় নলবাৰীত (Assam police bike rally) ৷ বাইক ৰেলীৰে নলবাৰীত উপস্থিত হোৱা 'জাতীয় সংহতি মটৰ চাইকেল ৰেলী'টোক বিপুল আদৰণি (Assam police bike rally present in Nalbari) জনোৱা হয় ৷

ইউৰোপত জলবায়ু প্ৰতিৰোধী কৃষি প্ৰশিক্ষণ ; নিৰ্বাচিত অসম কৃষি বিশ্ববিদ্যালয়ৰ 10 গৰাকী গৱেষক শিক্ষাৰ্থী

জলবায়ু প্ৰতিৰোধী কৃষি সম্পৰ্কে প্ৰশিক্ষণৰ উদ্দেশ্যে নিৰ্বাচিত দেশৰ সৰ্বমুঠ 16 গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছে ৷ ইয়াৰে অসম কৃষি বিশ্ববিদ্যালয়( Assam Agricultural University)ৰ আছে 10 গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীৰ নাম ৷ ইউৰোপীয় ইউনিয়নৰ ইৰাছমাছ প্ৰাছ আঁচনিৰ অধীনৰ এডাপ্টনেট (Adapt NET) শীৰ্ষক দক্ষতা বৃদ্ধি প্ৰকল্পৰ অধীনত হ’ব এই প্ৰশিক্ষণ শিবিৰ (Agricultural training in Europe) ৷

Eid-ul-Fitr 2022 : দিল্লীৰ জামা মছজিদত ইছলামধৰ্মী লোকৰ ভিৰ

সোমবাৰে ঈদৰ জোন দেখাৰ লগে লগে সমগ্ৰ দেশতে পালন কৰা হৈছে ঈদ-উল-ফিতৰ । দুবছৰৰ অন্তত জামা মছজিদত পৱিত্ৰ নামাজৰ বাবে ইছলাম ধৰ্মী লোকৰ ভিৰ (Devotees offer Namaz at Jama Masjid in Delhi)। প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক পৱিত্ৰ ঈদৰ শুভেচ্ছা জনাইছে ।

ভণ্ডামি কৰি ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী

সোমবাৰে গ্ৰহ বেয়া আছিল নিজকে বাবা বুলি দাবী কৰা বিক্ৰম আলীৰ ৷ মুকালমুৱাৰ ৰামপুৰত বেজালি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল অভিযুক্ত ভণ্ড বাবা বিক্ৰম আলী (Fake godman detained by villagers at Nalbari) ৷ ৰামপুৰৰ এজন লোকৰ ঘৰত বিভিন্ন চিকিৎসাৰ নামত ভণ্ডামি কৰি লুটি নিছিল প্ৰায় 5 হাজাৰ টকা ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ষড়যন্ত্ৰ কৰি মোক গ্ৰেপ্তাৰ কৰা হৈছিল : জিগনেশ মেৱানী

গুজৰাটৰ পৰা অসমলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ অহাৰ প্ৰসংগত আজি নতুন দিল্লীস্থিত AICC ৰ মুখ্য কাৰ্যালয়ত বিশেষভাৱে সৰৱতা প্ৰকাশ কৰে দলিত নেতা তথা গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীয়ে (Jignesh Mevani on his arrest by Assam police) ৷ 2500 কি:মি: দূৰৈৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি নিয়াৰ আগেয়ে নিশ্চয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই ষড়যন্ত্ৰৰ সূচনা হৈছিল বুলিও মন্তব্য কৰে মেৱানীয়ে (Jignesh Mevani on conspiracy behind his arrest) ৷ অসম আৰক্ষীৰ ভূমিকাকলৈয়ো কৰিলে বিশেষ মন্তব্য ৷

চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাক্ মূহুৰ্তত এক লাখ চাকৰিৰ সন্দৰ্ভত প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰৰ প্ৰথমটো বছৰতে গণি গণি এক লাখ চাকৰি দিব বুলি কৰা ঘোষণা বাস্তৱিক অৰ্থত কাৰ্যকৰী হ'লনে ? এই প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (Debabrat Saikia questions Sarma government on employment) । ড৹ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ (First anniversary of Himanta Biswa government) প্ৰাকমুহূৰ্তত এই প্ৰশ্ন তুলিছে বিৰোধী দলপতি গৰাকীয়ে ।

Kamal Medhi joins AAP: শিৱিৰ সলাই আপত যোগদান কমল কুমাৰ মেধিৰ

ৰাজ্যৰ ৰাজনীতিত আন এক জোঁকাৰণিৰ সৃষ্টি কৰি সোমবাৰে আম আদমি পাৰ্টিত যোগদান কৰিলে অখিল গগৈৰ প্ৰাক্তন সতীৰ্থ কমল কুমাৰ মেধি সমন্বিতে কেইবাজনো নেতাই (Kamal Medhi joins AAP)৷ কমল কুমাৰ মেধিৰ লগতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰেও অৰবিন্দ কেজৰিৱালৰ কাষ চাপে ৷

Yoga Festival in Guwahati : গুৱাহাটীত অনুষ্ঠিত যোগ মহোৎসৱ

বিশ্ব যোগ দিৱসৰ পূৰ্বে সোমবাৰে ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত আয়োজন কৰা হয় যোগ মহোৎসৱ (Yoga Festival held in Guwahati) ৷ উক্ত অনুষ্ঠানত তিনি শতাধিক যোগ শিক্ষাৰ্থীৰ অংশগ্ৰহণ ৷

ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত জোনাইৰ উকোমত উদযাপনৰ কৰা হয় ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল 23 সংখ্যক প্ৰতিষ্ঠা দিৱস (Jonai Press Club celebrates 23rd Foundation Day)৷ অনুষ্ঠানত কেইবাজনো জেষ্ঠ সাংবাদিকৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.