ETV Bharat / state

প্ৰচণ্ড বৰষুণকো নেওচি সোণাৰিত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jul 8, 2022, 1:21 PM IST

প্ৰতিবাদত কঁপি উঠিল চৰাইদেউৰ সোণাৰি(Protest in Sonari) । প্ৰাপ্য বিচাৰি প্ৰচণ্ড বৰষুণত তিতি তিতি প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলক । বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে(Tea workers protest demanding problem solving) ।

tea labour protest in sonari seeking rights due
প্ৰচণ্ড বৰষুণকো নেওচি চৰাইদেউৰ সোণাৰিত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

মৰাণ,৮ জুলাই: প্ৰতিবাদত উত্তাল হৈ পৰিল চৰাইদেউৰ সোণাৰি(Protest in Sonari) । প্ৰচণ্ড বৰষুণকো নেওচি বিভিন্ন সমস্যা সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকসকলে । বছৰ বছৰ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত শ্ৰমিকসকলে উজাৰিলে ক্ষোভ ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাহমৰা শাখাৰ উদ্যোগত ডিপ্লিং উপ শাখা আৰু ডিপ্লিং তথা ডুৰিবামবাসী ৰাইজৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচাক ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী প্ৰতিবাদ শ্ৰমিকৰ(Tea workers protest demanding problem solving) । উল্লেখযোগ্য যে ডিপ্লিং চাহ বাগিচাখন ব্যক্তিগত কোম্পানীক গতাই দিবলৈ বিচাৰিছে কৰ্তৃপক্ষই ।

কিন্ত বহু বছৰ ধৰি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ ৰেচন,আৰু সঞ্চয় নিধিৰ ধন মোকলাই নিয়াৰ অভিযোগ উত্থাপন কৰে শ্ৰমিক সকলে । শ্ৰমিকক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি বাগিচাখন ব্যক্তিগত কোম্পানীক গতাই দিবলৈ বিচৰা কাৰ্যৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । চৰকাৰক শ্ৰমিকৰ সমস্যা সমূহ অনুধাৱন কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰা দাবী উত্থাপন কৰে চাহ বাগিচাৰ শ্ৰমিক সকলে ।

লগতে পঢ়ক: চিমেন চাপৰিত ৰে'লে কাটি দুচেও কৰিলে যুৱকক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.