চৰাইদেউ 15 এপ্ৰিল : অসমীয়া নৱ বৰ্ষৰ দ্বিতীয় দিনা আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত এক অঘটন ঘটে। জুইত সম্পূৰ্ণৰূপে জাহ যায় এটা এ টি এম । ঘটনাৰ বিৱৰণী মতে আজি প্রায় ৫:৩০ বজাত হঠাৎ অহা প্ৰচণ্ড ধূলিৰ ধুমুহাত নগৰখনৰ মাজমজিয়াত থকা ইউনাইটেড বেংক অফ ইণ্ডিয়া সোণাৰি শাখাৰ সন্মুখত থকা বেংকটোৰ এটিএম টোত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
জুইয়ে নিমিষতে এ টি এম টো সম্পূৰ্ণ ৰূপে ধ্বংস কৰে। জুইত এ টি এম টোত থকা কেইবালক্ষাধিক টকা জাহ যায়। উল্লেখযোগ্য যে এ টি এমত ধন ভৰোৱাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানৰ থকাৰ বাবে প্ৰকৃততে এ টি এম টোত কিমান ধন আছিল সেই সন্দৰ্ভত বেংক কৰ্তৃপক্ষ জ্ঞাত নহয়। উক্ত সময়ত এ টি এম টোত গ্ৰাহক নথকাৰ বাবে জনতাৰ কোনো ধৰণৰ ক্ষতি নহ'ল। ঘটনাৰ খবৰ পাই সোণাৰি অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈকে জুয়ে এটিএম টো ধ্বংস কৰে।
লগতে পঢক :কৰিমগঞ্জত আৰক্ষী,চিকিৎসা কৰ্মীক ফুলৰ মালাৰে সম্বৰ্ধনা কিয়