শিৱসাগৰ,24 জানুৱাৰীঃ অৱশেষত মুকলি হ'ল চৰাইদেউ জিলা পৰিবহন বিষয়া কাৰ্যালয় ৷ চৰাইদেউ জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈৰ উপস্থিতিত কাৰ্যালয়টো মুকলি কৰে ৰাজ্যৰ পৰিবহন আয়ুক্ত আদিল খানে ৷ উল্লেখ্য যে, ২০১৫ চনত পূৰ্বৰ চৰাইদেউ মহকুমাক চৰাইদেউ জিলা হিচাপে ঘোষণা কৰা হৈছিল যদিও জিলাখনত পৰিবহন বিষয়াৰ কাৰ্যালয় নথকাত অসুবিধাৰ সন্মুখীন হৈছিল জনসাধাৰণ ৷
শুকুৰবাৰে মুকলি কৰা চৰাইদেউ জিলা পৰিবহন বিষয়া কাৰ্যালয়টো সোণাৰিত স্থাপন কৰাৰ ফলত এতিয়া জিলাবাসীয়ে দীৰ্ঘদিনীয়া সমস্যাৰৰপৰা পৰিত্ৰাণ পাব ৷ উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিবহন বিভাগৰ উপ আয়ুক্ত দ্বিপজ্যোতি চক্ৰৱৰ্তীৰ লগতে অসম চৰকাৰৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া ৷