ETV Bharat / state

Sankardev Sangha Samaroh: সাপেখাতীত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু-যুৱ আৰু আই মাতৃ সমাৰোহ - Srimanta Sankardev Sangha in Assam

মাংগলিক ধ্বনিৰে আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আজিৰে পৰা সাপেখাতীত আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ (Sankardev sangha Samaroh in Sapekhati) ৷ এই সমাৰোহৰ মুখ্য তোৰণ উন্মোচনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷

Sankardev sangha Samaroh in Sapekhati
Sankardev sangha Samaroh in Sapekhati
author img

By

Published : Nov 4, 2022, 6:54 PM IST

মৰাণ, 4 নৱেম্বৰ: চৰাইদেউ জিলাৰ সাপেখাতীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষ কাৰ্যসূচী (Sankardev sangha Samaroh in Sapekhati)। হৰিনামৰ ৰসত বুৰ গৈছে সাপেখাতী । সাপেখাতীৰ সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ (Sankardev Sangha in child yuva aai matri Samaroh) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ভক্তৰ সমাবেশেৰে অনুষ্ঠিত হোৱা এই সমাৰোহৰ মুখ্য তোৰণ উন্মোচনেৰে শুভাৰম্ভণি হোৱা সমাৰোহস্থলী এতিয়া উদুলি-মুদুলি ।

সাপেখাতীত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু-যুৱ আৰু আই মাতৃ সমাৰোহ

সমাৰোহৰ মুখ্য তোৰণ মাংগলিক পৰিৱেশৰ মাজত আজি মুকলি কৰে যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈয়ে (Tapan Gogoi in Sankardev Sangha program) । তোৰণ মুকলি কৰি সাংসদ গৰাকীয়ে কয় যে, শংকৰদেৱ সংঘই আধ্যাত্মিক চিন্তা চৰ্চাৰে সকলোকে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। এই শিশু, যুৱ আৰু আই মাতৃ সমাৰোহে নতুন প্ৰজন্মৰ মাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব । লগতে সকলোকে সহায় সহযোগিতাৰ বাবে আহ্বান জনালে সাংসদ গৰাকীয়ে ।

উল্লেখযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত বৰেণ্য অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ (Srimanta Sankardev Sangha in Assam)। উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানেই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ । ৰাজ্যৰ প্ৰায় সমূহ জিলাতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখা আৰু প্ৰাথমিক আছে ৷

লগতে পঢ়ক: Get well soon Akhil Gogoi: অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.