ETV Bharat / state

Protest for save trees: গছ ৰক্ষা কৰিবলৈ প্ৰতিবাদত বহিল এখন গাঁৱৰ ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:18 PM IST

লাখ লাখ গছপুলি ৰোপণ কৰি চৰকাৰে প্ৰকৃতি ৰক্ষাৰ চমক সৃষ্টি কৰাৰ সময়তে গছ ৰক্ষা কৰিবলৈ প্ৰতিবাদত বহিল চৰাইদেউ জিলাৰ লাইচাঙৰ ৰাইজ । সোণাৰু, কৃষ্ণচূড়া, কাঞ্চন আদি মূল্যৱান গছ কাটি কেবল সংযোগ কৰিছে কোম্পানীয়ে । ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিল প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ লগতে অঞ্চলটোৰ ৰাইজ ।

Protest to save trees in Charaideo
গছ ৰক্ষা কৰিবলৈ প্ৰতিবাদত বহিল এখন গাঁৱৰ ৰাইজ

চৰাইদেউ,২ নৱেম্বৰ : প্ৰতিদিনে জীৱশ্ৰেষ্ঠৰ স্বাৰ্থসিদ্ধিৰ বাবে পৃথিৱীয়ে হেৰুৱাইছে প্ৰাকৃতিক ভাৰসাম্য । কেতিয়াবা যদি পথ নিৰ্মাণৰ নামত জধেমধে গছ কাটিছে আন কেতিয়াবা আকৌ গৃহ নিৰ্মাণৰ নামত । ঠিক তেনে সময়তে প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত কেইগৰাকীমান প্ৰকৃতিপ্ৰেমীয়ে গ্ৰহণ কৰিছিল আদৰণীয় পদক্ষেপ । প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত বৰ্তমানলৈকে ৭৫ হাজাৰ বৃক্ষৰোপণ কৰিছে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ নেতৃত্বত সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানে ।

কিন্তু এইবাৰ MVCC Cable সংযোগৰ নামত সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানত কুঠাৰাঘাত ব্যক্তিগত প্ৰতিষ্ঠানৰ । গছ ৰক্ষা কৰিবলৈ প্ৰতিবাদত বহিল চৰাইদেউ জিলাৰ লাইচাঙৰ ৰাইজ । কিয়নো অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে চৰকাৰে প্ৰকৃতি ৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়ত প্ৰকৃতি ধ্বংস কাৰ্য চলিছে চৰাইদেউ জিলাৰ লাইচাং গাঁৱত । MVCC cable সংযোগৰ নামত পথৰ দাঁতিত সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানত ৰোপণ কৰা গছৰ ডাল কাটি লঙঠা কৰাৰ অভিযোগ ব্যক্তিগত প্ৰতিষ্ঠানৰ বিৰুদ্ধে ।

এনে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ নেতৃত্বত গাঁৱৰ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী । উল্লেখ্য যে অনুপ পাটকাইৰ নেতৃত্বত চৰকাৰী সহযোগিতা অবিহনে জিলাখনত লক্ষাধিক গছপুলি ৰোপণ কৰা হৈছিল । সোণাৰু, কৃষ্ণচূড়া, কাঞ্চনৰ দৰে অতি মূল্যবান গছসমূহ ৰোপণ কৰিছিল । গছপুলি সমূহ লহপহকৈ বাঢ়ি অহাৰ সময়তে MVCC cable সংযোগৰ নামত পথৰ দাঁতিত ৰোপণ কৰা গছৰ ডালসমূহ কটাত ক্ষোভ স্থানীয় ৰাইজৰ । অনশন কাৰ্যসূচী ৰূপায়ণ কৰি দোষীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ ।

লগতে পঢ়ক : Krishak mukti sangram samiti protest: নাওবৈচা বিধানসভা সমষ্টিৰ বাটপথ উন্নয়নৰ দাবীত কৃষক মুক্তি উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.