ETV Bharat / state

ভেজাল তেল বিক্ৰী কৰি বিপদত চৰাইদেউৰ এটা পেট্ৰ'ল পাম্প

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে অসৎ উপায় লৈছে একাংশ পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই । ভেজাল তেল বিক্ৰী কৰি গ্ৰাহকক বিপদত পেলাইছে সেই পেট্ৰ'ল পাম্পসমূহে । এইবাৰ তেনে এক পেট্ৰ'ল পাম্পত চলিল প্ৰশাসনৰ অভিযান ।

author img

By

Published : Oct 13, 2021, 5:23 PM IST

Sonari
ভেজাল তেল বিক্ৰী কৰি বিপদত চৰাইদেউৰ এটা পেট্ৰ'ল পাম্প

মৰাণ, ১৩ অক্টোবৰ : সম্প্ৰতি পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ সাধাৰণ নাগৰিকৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে । কৰ'ণাই আৰ্থিকভাৱে জুৰুলা কৰা ৰাইজে ১০০ টকীয়া পেট্ৰ'ল ক্ৰয় কৰিবলগীয়া হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু তাৰ মাজতে এইখন অসমতে বিক্ৰী হৈ আছে ভেজাল তেল ।

অভিযোগ অনুসৰি চৰাইদেউ জিলাৰ এটা পেট্ৰ'ল পাম্পে বিক্ৰী কৰি আহিছে ভেজাল তেল । যাৰ বাবে সোণাৰিস্থিত চৰাইদেউ ফুৱেল ষ্টেচনত প্ৰশাসনে অভিযান চলালে । ভেজাল তেল বিক্ৰী কৰাৰ অভিযোগত চৰাইদেউ জিলা প্ৰশাসনে বন্ধ কৰি দিলে পেট্ৰ'ল পাম্পটো । লগতে চৰাইদেউ জিলাৰ যোগান বিভাগে পেট্ৰ'ল পাম্পটোৰ পৰা পেট্ৰ'ল আৰু ডিজেলৰ নমুনাও সংগ্ৰহ কৰিছে ।

ৰাইজে দীৰ্ঘদিন ধৰি পেট্ৰ'ল পাম্পটোৰ বিৰুদ্ধে ভেজাল তেল বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল । পেট্ৰ'ল পাম্পটোৰ পৰা তেল ভৰালেই গাড়ীৰ ইঞ্জিন বিকল হৈ পৰে বুলিও বহুতে অভিযোগ কৰিছিল ।

লগতে পঢ়ক :ছাত্ৰীক পলুৱাই নি ৰঙাঘৰত সোমাল শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.