ETV Bharat / state

APCC president react over TV Channel : দুটা টিভি চেনেলে মুখ্যমন্ত্ৰীৰ বুলেটপ্ৰুফ জেকেটৰ দৰে কাম কৰিছে: ভূপেন বৰা - Congress slams TV channel in Assam

অসমত লোকসভা নিৰ্বাচনত সকলো বিৰোধী দলে একত্ৰিতভাৱে ১৪ খন আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য় কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি টিভি চেনেলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ।

Pradesh Congress Committee President
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:09 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

মৰাণ, ৩১ অক্টোবৰ: '২৪ৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দেশজুৰি আৰম্ভ হৈছে শাসক-বিৰোধী ৰাজনৈতিক দল সমূহৰ নিবাৰ্চনী তৎপৰতা । ৰাষ্ট্ৰীয় পৰ্যায়ত I.N.D.I.A গঠন হোৱাৰ পিচত শাসক দল বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত দেশৰ লগতে অসমটো ১৫ টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে । ইয়াৰ মাজতে ৰাজনৈতিক কাম-কাজ আগুৱাই নিয়াৰ স্বাৰ্থত অসমৰ বিৰোধী ঐক্যই দুটাকৈ বৈদ্যুতিন সংবাদ মাধ্যমক বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আজি চৰাইদেউ জিলাৰ সোণাৰিত উপস্থিত হৈ এই কথা স্পষ্ট কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এটা ব্যক্তিগত চেনেল আৰু এটা চেনেলৰ সম্পাদকৰ কথা উল্লেখ কৰি কয়," অসমৰ দুটা টিভি চেনেলে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বুলেট প্ৰুফ জেকেটৰ দৰে কাম কৰিছে ।" চৰকাৰৰ বেয়া কাম সমূহ লুকুৱাবলৈ গৈ বিজেপিৰ বিৰুদ্ধে গঠন হোৱা বিৰোধী ঐক্যক তুচ্ছ-তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰিছে ভূপেন বৰাই ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অৱশ্য়ে এই সিদ্ধান্ত চুড়ান্ত হোৱা নাই বুলি মন্তব্য় কৰি কয়," এই সিদ্ধান্ত চূড়ান্ত হ'লে এই দুটা চেনেলক কোনো মন্তব্য দিব নোৱাৰিম ।" বিৰোধী ঐক্যৰ অনুষ্ঠানলৈ চেনেল দুটা আহিব নোৱাৰিব বুলি কয় কংগ্ৰেছৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে পঢ়ক:Rajasthan Assembly election 2023 : ইডিৰ অভিযানে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ দলক শক্তিশালী কৰিছে;কংগ্ৰেছ

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দল সমূহে একত্ৰিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমত লোকসভা নিৰ্বাচনত সকলো বিৰোধী দলে একত্ৰিতভাৱে ১৪ খন আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:Oppositions leader phone hack : 'আদানিৰ প্ৰসংগ আনিলেই চৰকাৰে চোৰাংচোৱাগিৰি আৰম্ভ কৰে'-ৰাহুল গান্ধী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.