সোণাৰি,১৬ জানুৱাৰী: ভোগালীৰ আনন্দ-উল্লাসৰ মাজতে বহিঃৰাজ্যত ৰহস্যজনকভাৱে যুৱতীৰ মৃত্যু হোৱা ঘটনাই চৰাইদেউ জিলাৰ সোণাৰিত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । এজন যুৱকৰ সৈতে পলাই গৈ সংসাৰ কৰাৰ সপোন দেখা যুৱতীগৰাকীৰ মৃত্যুক সহজে মানি ল'ব পৰা যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে । মৃত যুৱতীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি সোণাৰিৰ টাওকাক চাহ বাগিচাৰ সুমিত ভূমিজ নামৰ এজন যুৱকৰ লগত তিনিমাহ পূৰ্বে পলাই গৈছিল যুৱতীগৰাকী ।
সেই সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে প্ৰথমাৱস্থাত অস্বীকাৰ কৰিছিল যদিও যুৱক-যুৱতীদ্বয় বেংগালুৰুত থকা বুলি খবৰ লাভ কৰে প্ৰায় এক মাহৰ পাছত । ইফালে শেহতীয়াকৈ ১৪ জানুৱাৰীত যুৱতীগৰাকীয়ে মাতৃলৈ ফোন কৰি সুমিতে ৫ লাখ টকা দাবী কৰা কথা অৱগত কৰে । লগতে স্বামী সুমিত ভূমিজে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ কথাও মাতৃক অৱগত কৰিছিল মৃত যুৱতীগৰাকীয়ে ।
এই বিষয়ে সুমিতৰ লগত আৰিফাৰ মাতৃয়ে কথা পাতিব বিচাৰিছিল যদিও কথা পতাৰ পৰা বিৰত থাকে সুমিত । আনহাতে মঙলবাৰে সুমিতৰ পৰিয়ালৰ পৰা ফোন কৰি যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি খবৰ দিয়া পাছতেই যুৱতীগৰাকীৰ মাতৃগৃহত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষীক অৱগত কৰাৰ পাছতেই সোণাৰিৰ আৰক্ষীয়ে বাংগালুৰু আৰক্ষীক অৱগত কৰি যুৱতীগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে ।
কিন্তু এতিয়া যুৱতীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে । যুৱতীগৰাকীয়ে সঁচাই আত্মহত্যা কৰিলে নে হত্যাৰ বলি হ'ল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । আৰক্ষীৰ তদন্তৰ পাচতহে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব । পৰিয়ালৰ লোকে শীঘ্ৰে এই ঘটনাৰ তদন্ত কৰি উচিত ন্যায় প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছে আৰক্ষীক ।
লগতে পঢ়ক: পুৰণি বিবাদক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ হত্যাকাণ্ড