ETV Bharat / state

Jal Jivan Mission scam: জল জীৱন মিছনৰ অনিয়ম সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মন্ত্ৰী যোগেন মহনৰ - পানী যোগান আঁচনিৰ বিসংগতি

চৰাইদেউ জিলাৰ জল জীৱন মিছন পানী যোগান আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে (Jal Jivan Mission scam) ৷ ইয়াৰ পিচতে সৰৱ হৈ পৰিছে মন্ত্ৰী যোগেন মহন ৷ অচিৰেই এই প্ৰকল্পৰ কামৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশনা দিছে মন্ত্ৰীগৰাকীয়ে (Minister Jogen Mohan in Charaideou)৷

Minister Jogen Mohan reacts on gundadagiri of JJM contractor
জল জীৱন মিছনৰ অনিয়ম সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : Apr 28, 2023, 5:26 PM IST

জল জীৱন মিছনৰ অনিয়ম সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মন্ত্ৰী যোগেন মহনৰ

মৰাণ, 28 এপ্ৰিল: বৃহস্পতিবাৰে নিৰ্মীয়মান জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ বিসংগতি দেখুৱাই দিয়াৰ বাবে অন কেমেৰা আঞ্চলিক সস্পাদকক চৰ সোধাইছিল ঠিকাদাৰে (Contractor slaps AJYCP leader) ৷ ইয়াৰ পিচতে জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই ঘটনাক তীব্ৰভাৱে গৰিহনা দিছিল অসম যুৱ ছাত্ৰ পৰিষদৰ স্থানীয় নেতাসকলে (Jogen Mohan reacts on slaps AJYCP leader) ৷

আজি অৰ্থাৎ শুকুৰবাৰে নিৰ্মীয়মান জল জীৱন মিছনৰ প্ৰকল্পটো উদ্বোধন কৰাৰ কথা আছিল মন্ত্ৰী যোগেন মহনে (Jal Jivan Mission scam)৷ কিন্তু কালিৰ ঘটনাৰ পিচতে এই প্ৰকল্পত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিচতে এই অনুষ্ঠান বাতিল কৰে মন্ত্ৰীগৰাকীয়ে (Minister Jogen Mohan in Charaideou) ৷

মন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ বিষয় সন্দৰ্ভত কয়, "এই ঘটনা অতিকৈ দুৰ্ভাগ্যজনক ৷ এনেকুৱা ঘটনা সংঘটিত হ’ব নালাগে (Contractor slaps AJYCP leader)৷ ঠিকাদাৰে এনেদৰে আইন হাতত তুলি ল’ব নালাগে ৷ মই আজি এই প্ৰকল্পৰ উদ্বোধন কৰাৰ কথা আছিল ৷ কিন্তু মই আজি এই উদ্বোধনৰ অনুষ্ঠান বাতিল কৰিছো ৷ মই জিলা উপায়ুক্তক এই বিষয়ে অৱগত কৰি তদন্ত কৰিবলৈ আহ্বান জনাইছো ৷ জল জীৱন মিছন আঁচনিৰ প্ৰকল্প যেনেদৰে নিৰ্ধাৰণ কৰা হৈছে তেনেদৰেই হ’ব লাগিব ৷ ইয়াত কোনোধৰণৰ অনিয়ম আমি সহ্য নকৰিম ৷ যেতিয়ালৈকে এই প্ৰকল্পৰ কাম নিয়াৰিকৈ নহয় তেতিয়ালৈকে মই ইয়াৰ উদ্বোধন নকৰো ৷"

উল্লেখ্য যে, চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চাউনি হাবি পথাৰ অঞ্চলত নিৰ্মিত জল জীৱন মিছনৰ প্ৰকল্পৰ বিসংগতি আঙুলিয়াই দিয়াৰ বাবেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক নিৰ্বিচাৰে প্ৰহাৰ কৰে গুণ্ডাৰূপী ঠিকাদাৰে ৷ নিৰ্মীয়মান জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ বিসংগতি আঙুলিয়াই দিছিল AJYCP মাহমৰা আঞ্চলিক সমিতিৰ সম্পাদক লক্ষী দাস পানিকাই ৷

লক্ষী দাস পানিকাক প্ৰহাৰ কৰাৰ পাচতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঠিকাদাৰ নিৰ্মল মূড়েই (FIR against contractor) ৷ ইতিমধ্যে বৃহস্পতিবাৰে বিয়লিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাকতিবাৰী আৰক্ষী থানাত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক: Flood Mockdrill : বানপানীৰ দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত ম’কড্ৰিল

স্মৰ্তব্য যে যি সময়ত মুখ্যমন্ত্ৰীয়ে জল জীৱন মিছনৰ প্ৰকল্পত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হ'ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা দিয়াৰ পাচতো এনেদৰে একাংশ ঠিকাদাৰৰ গাফিলতিয়ে সচেতন ৰাইজক চিন্তিত কৰি তুলিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.