মৰাণ,25 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোমবাৰে চৰাইদেউতো স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ এই আঁচনিৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷

স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা স্বয়ম যোজনাৰ সোমবাৰে ভিন্ন প্ৰান্তত শুভাৰম্ভ হয় ৷
ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহনে সোমবাৰে আনুষ্ঠানিক ভাৱে এই আঁচনি শুভাৰম্ভ কৰি চৰাইদেউ জিলাৰ সহস্ৰাধিক জন যুৱক-যুৱতীৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰে ।
অনুষ্ঠানত সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে বহু কেইগৰাকী চৰকাৰী বিষয়াৰ লগতে উপস্থিত থাকে বিশিষ্ট ব্যক্তি ।

উল্লেখ যে, এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আত্মসহায়ক গোট, যৌথ দায়বদ্ধ গোট, কৃষি উৎপাদনকাৰী সংস্থা, পুঞ্জ পৰ্যায়ত এছ পি ভি বা সংস্থাৰ ২ লাখ হিতাধিকাৰীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে৷ যাৰ ভিতৰত 1.39 লাখ হিতাধিকাৰীক ইতিমধ্যে বাচনি কৰা হৈছে ৷ উল্লেখ্য যে, বাচনি হোৱা হিতাধিকাৰীসকলক চৰকাৰৰ তৰফৰ পৰা দুটা কিস্তিত ৫০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজি আগবঢ়োৱা হ'ব ৷
লগতে পঢ়ক:তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান