ETV Bharat / state

Charideo fire tragedy: জীৱন্তে অগ্নিদগ্ধ হোৱা তিনি শিশুৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা

author img

By

Published : Jan 7, 2022, 8:48 PM IST

চৰাইদেউত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা তিনি শিশুৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা মন্ত্ৰী যোগেন মহনৰ (Financial aid to Charideo fire tragedy victim's family) ৷ সবিশেষ জানো আহক ৷

minister-jogen-mohan-announces-financial-aid-to-charideo-fire-tragedy-victims-family
Charideo fire tragedy: জীৱন্তে অগ্নিদগ্ধ হোৱা তিনি শিশুৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য্য ঘোষণা

মৰাণ, 7 জানুৱাৰী : শুকুৰবাৰে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা তিনি শিশুৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা (Financial aid to Charideo fire tragedy victim's family) ৷ শিশুকেইগৰাকীৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ আৰ্থিক সাহাৰ্য ঘোষণা মন্ত্ৰী যোগেন মহনৰ ৷ উল্লেখ্য যে, চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা ডিভিজনৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা (Tragic incident in Charideo) ।

জীৱন্তে অগ্নিদগ্ধ হৈ তিনিটাকৈ শিশুৰ কৰুণ মৃত্যু হোৱাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত( Three child died in Charideo fire tragedy) । অগ্নিদগ্ধ হোৱা এটা নৰাৰ ঘৰত আৱদ্ধ হৈ এইদৰে প্ৰাণ হেৰুৱালে শিশু কেইটাই ৷ নিহত শিশু তিনিটা ক্ৰমে দিনেশ মুণ্ডাৰ পুত্ৰ বিভান মুণ্ডা (২), পোতকু মুণ্ডাৰ পুত্ৰ অনুদ মুণ্ডা(৫), বেনাম কৰুৱাৰ পুত্ৰ কহিনুৰ কৰুৱা (২.৫) বুলি জানিব পৰা গৈছে ।

জীৱন্তে অগ্নিদগ্ধ হোৱা তিনি শিশুৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য্য ঘোষণা

শুকুৰবাৰে পুৱা প্ৰায় ১০.৩০ মান বজাত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত খবৰ মতে, নিহত শিশু কেইটাই নৰাৰ ঘৰটোত সোমাই খেলি থকা সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড (Three childrens burnt alive in Charaideo fire Tragedy) ৷ শিশু কেইটাই খেলি থকা সময়তে কোনো অজ্ঞাত লোকে চিগাৰেট জ্বলাই দিয়াশলাইৰ কাঠি পেলাই দিয়াত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে, ঘটনাস্থলীত আৰক্ষী আৰু মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ভূ-কম্পন জৰীপে বিপদাপন্ন কৰিছে ফি’লবাৰীৰ ৰাইজৰ জীৱন আৰু সম্পত্তি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.