ETV Bharat / state

সোণাৰিত ভয়াবহ অগ্নিকাণ্ড

চৰাইদেউৰ সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড ৷ সোণাৰিৰ ভজো সীতাৰাম বস্তিত সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ'ল কাৰ্তিক কেওঁট নামৰ এজন লোকৰ বাসগৃহ ৷

massive fire at sonari in charaideo
সোণাৰিত ভয়াবহ অগ্নিকাণ্ড
author img

By

Published : Jun 18, 2021, 8:41 AM IST

Updated : Jun 18, 2021, 9:23 AM IST

মৰাণ, 18 জুন: বৃহস্পতিবাৰে নিশা চৰাইদেউ জিলাৰ সোণাৰিত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় ৷ জিলাখনৰ সোণাৰিৰ ভজো সীতাৰাম বস্তিত সংঘটিত এই অগ্নিকাণ্ডত কাৰ্তিক কেওঁট নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণ জাহ যায় ৷ অগ্নিকাণ্ডটোৰ ফলত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও কাৰ্তিক কেওঁটৰ বাসগৃহৰ ভিতৰত থকা সকলো সা-সম্পত্তি ভস্মীভূত হয় ৷

massive fire at sonari in charaideo
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ'ল কাৰ্তিক কেওঁট নামৰ এজন লোকৰ বাসগৃহ

সোণাৰি আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে অগ্নি নিৰ্বাপন হ'লেও ঘৰটোৰ সকলো আচবাব-পত্ৰ জ্বলি ছাঁই হৈ পৰে ৷ কি কাৰণত এই ভয়াহ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: মৰাণ আৰু চেপন টাউনৰ সকলো বিপণি ১২ বজাত বন্ধ কৰাৰ নিৰ্দেশ

Last Updated : Jun 18, 2021, 9:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.