ETV Bharat / state

চৰাইদেউ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচাদৰ হ'ল কণ্ঠশিল্পী কুসুম কৈলাশ

author img

By

Published : Dec 3, 2021, 9:46 PM IST

চৰাইদেউক পৰ্যটন ক্ষেত্ৰ(Charaideo Tourism News) হিচাপে গঢ়ি তুলিবৰ বাবেই জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশক চৰাইদেউ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচাদৰ(Brand Ambassador of Charaideo Tourism) হিচাপে নিয়োজিত কৰা হৈছে । চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

New Brand Ambassador of Charaideo Tourism
চৰাইদেউ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচাদৰ

মৰাণ, 3 ডিচেম্বৰ : ৰাজ্যৰ প্ৰতিখন চৰকাৰে ঐতিহাসিক স্থান সমূহ সংৰক্ষণৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ কথা কৈ আহিছে যদিও বৰ্তমানে বহু ঐতিহাসিক সমল সংৰক্ষণৰ অভাৱত ধ্বংসৰ গৰাহত পৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ঐতিহাসিক চৰাইদেউ জিলাতো সংৰক্ষণৰ অভাৱত ধ্বংসৰ দিশত গতি কৰিছে ৰজা দিনীয়া সমল(Historical resources of Charaideo) ।

এনে ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি চৰাইদেউক পৰ্যটন ক্ষেত্ৰ(Charaideo Tourism News) হিচাপে গঢ়ি তুলিবৰ বাবেই জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশক চৰাইদেউ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচাদৰ(Brand Ambassador of Charaideo Tourism) হিচাপে নিয়োজিত কৰা হৈছে । দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা চৰাইদেউ দেওশালক উদ্ধাৰ কৰাৰ পাছত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই দায়িত্ব অৰ্পণ কৰা হৈছে কণ্ঠশিল্পী গৰাকীক ।

চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনে গ্ৰহণ কৰিছে এই পদক্ষেপ । ইফালে এই দায়িত্ব গ্ৰহণ কৰাৰ পাছত চৰাইদেউ দেওশালৰ লগতে চৰাইদেউ মৈডাম সমূহ বেদখলমুক্ত কৰাৰ দাবী তুলিলে কণ্ঠশিল্পী গৰাকীয়ে ।

লগতে পঢ়ক: Traffic Rules Violation in Dibrugarh : আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ডিব্ৰুগড় পৰিবহন বিভাগ

উল্লেখ্য যে, ৰাজ্য চৰকাৰে যি সময়ত বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চল সমূহৰ পৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে তেনে সময়তে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱ বহনকাৰী চৰাইদেউৰ বৃহৎ অঞ্চলত বেদখল চলাৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰ লগে লগে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে চৰাইদেউ দেওশাল তথা প্ৰথমজনা আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মৈদাম (Chaolung Sukaphaa moidam)ৰ মাটি বেদখলকাৰীৰ কৱলত থকা বিষয়টোৱে চৰ্চা লাভ কৰিছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ঐতিহাসিক ঠাইখনৰ বেদখলমুক্ত তথা চৰাইদেউৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োজিত কৰিছে চৰাইদেউ আমাৰ গৌৰৱ সংস্থাই ।

লগতে পঢ়ক: Protest in Dibrugarh University: নাহৰৰ দেশত ছাত্ৰ আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.