ETV Bharat / state

Pariksha Pe Charcha:মৰাণৰ প্ৰাৰ্থনা চুতীয়াক প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ

author img

By

Published : Jan 18, 2023, 10:56 AM IST

ভূৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় কলা উৎসৱত ঢোল বাদনেৰে প্ৰথম স্থান দখল কৰা মৰাণৰ প্ৰাৰ্থনা চুতীয়াক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে (National Art Festival 2023) । অহা ২৭ জানুৱাৰীত দিল্লীত অনুষ্ঠিতব্য় পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণৰ বাবে অসমৰ ছাত্ৰীগৰাকীক নিমন্ত্ৰণ জনোৱা বুলি পৰিয়ালৰ লোকে সদৰি কৰিছে ।

National Art Festival at Bhubaneswar
মৰাণৰ প্ৰাৰ্থনা চুতীয়া
প্ৰাৰ্থনা চুতীয়ালৈ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ

মৰাণ, ১৮ জানুৱাৰী:নতুন বছৰৰ আৰম্ভণিতেই ঢোল বাদনেৰে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে মৰাণৰ প্ৰাৰ্থনা চুতীয়াই (Success of Assamese girl With drum playing)। উড়িশাৰ ভূৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় কলা উৎসৱত বাদ্যযন্ত্ৰ শাখাত ঢোল বাদনেৰে প্ৰথম স্থান দখল কৰি অসমৰ লগতে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰাৰ্থনাই (National Art Festival at Bhubaneswar)। প্ৰাৰ্থনা চুতীয়াৰ এই সফলতাৰ পাছতেই প্ৰতিভাৱান ছাত্ৰীগৰাকীক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে ।

অহা ২৭ জানুৱাৰীত দিল্লীত অনুষ্ঠিতব্য় পৰীক্ষা পে চৰ্চা নামৰ প্ৰধানমন্ত্ৰীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ এই ছাত্ৰীগৰাকীক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিমন্ত্ৰণ জনোৱা বুলি সদৰি কৰিছে পৰিয়ালৰ লোকে (Invitation from Prime Ministers Office)। আনহাতে, প্ৰাৰ্থনা চুতীয়াই অহা ২৬ জানুৱাৰীত দিল্লীত আয়োজন কৰা গণৰাজ্য় দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে অনুষ্ঠান উপভোগ কৰিবলৈ সুবিধা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে মৰাণবাসী (Republic Day programme in Delhi)।

উল্লেখযোগ্য যে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী প্ৰাৰ্থনা চুতীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঢোল বাদন প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি এই সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ মৰাণৰ ডোমৰদলং নিবাসী সাংস্কৃতিক কৰ্মী দাদুল চুতীয়াৰ কন্যা প্ৰাৰ্থনাই ৬ বছৰ বয়সৰ পৰাই পিতৃৰ পৰা ঢোলৰ প্ৰশিক্ষণ লাভ কৰিছিল ৷ বৰ্তমান ঢোল বাদনেৰে সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা প্ৰাৰ্থনাই ভৱিষ্যতে এগৰাকী ভাল ঢুলীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন মনতে পুহি ৰাখিছে ৷ ৰাষ্ট্ৰীয় কলা উৎসৱত শ্ৰেষ্ঠত্ব লাভ কৰি যোৱা মঙলবাৰে নিশা মৰাণত উপস্থিত হোৱাৰ পাছতে বিভিন্ন ব্যক্তি, দল-সংগঠনে তেওঁক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

আনহাতে, প্ৰথমবাৰৰ বাবে চৰাইদেউ জিলাৰ পৰা নিৰ্বাচিত হৈ অসম দলক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰা প্ৰাৰ্থনাই নিজৰ সফলতাত অত্যন্ত সুখী যদিও পৰিয়ালৰ আৰ্থিক দুৰৱস্থাই কিছু সমস্যা সৃষ্টি কৰা বুলিও কয় । তেওঁৰ পিতৃ সাংস্কৃতিক কৰ্মী দাদুল চুতীয়াই কন্য়াৰ সাফল্য়ত আনন্দিত হোৱা বুলি উল্লেখ কৰি আৰ্থিক দুৰৱস্থাই এইক্ষেত্ৰত ভৱিষ্য়তে বাধাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰে । ৰজা ঘৰৰ পৰা কিছু সহায় সহযোগিতা লাভ কৰিলে প্ৰাৰ্থনা চুতীয়াক আৰু ভালদৰে আগবঢ়াই নিয়াত সুবিধা হ'ব বুলি কয় দাদুল চুতীয়াই ।

লগতে পঢ়ক:Blood Machine of Bathinda: 69 বাৰ ৰক্তদান কৰি জীৱন্ত কিংবদন্তীত পৰিণত হৈছে বিৰু বাঞ্চাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.