মৰাণ,21 মাৰ্চ: সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰুৱা খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ চলালে দেওবাৰে প্ৰচাৰ চলাই মন্ত্ৰী ডঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে সোণাৰিত ধৰ্মেশ্বৰ কোঁৱৰৰ জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্তই ৷
ভাষণত তেওঁ কয় যে, ‘‘কংগ্ৰেছৰ লুঙী প্ৰীতি বেছি আছিল । বিজেপিয়ে অসমত বিকাশৰ ৰাজনীতি কৰিব বিচাৰে’’ ।
আনহাতে, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ নল’বলৈ আহ্বান জনাই পূৰ্বৰ ঋণসমূহ চৰকাৰে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি জনায় মন্ত্ৰী গৰাকীয়ে । মহিলা গোটক প্ৰথমতে 1 লাখকৈ দিয়া হ’ব । স্বয়ম আঁচনিৰ অধীনত প্ৰতিবছৰে 2 লাখ যুৱকক সামৰি লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী হিমন্তই ৷
তপন গগৈৰ অনুৰোধত জিলা পুথিভঁৰালৰ ব্যৱস্থা আগন্তুক এবছৰৰ ভিতৰত নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ লগতে বাগানৰ পুৰুষ শ্ৰমিকেও প্ৰতি মাহে 1 হাজাৰকৈ পাব । লগতে প্ৰিয়ংকা গান্ধী, ৰিপুণ বৰা, বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বদৰুদ্দিন আজমলক কংগ্ৰেছৰ নিৰ্বাচন মালিক আখ্যা দিয়ে মন্ত্ৰী গৰাকীয়ে ।
উক্ত প্ৰচাৰ সভাত উপস্থিত থাকে সমষ্টিটোৰ বিধায়িকা নৱনীতা সন্দিকৈ, সাংসদ তপন কুমাৰ গগৈ লগতে বহু জ্যেষ্ঠ বিজেপি কৰ্মী ।
লগতে পঢ়ক : কি কাৰণে খঙত অগ্নিশৰ্মা সিদ্ধাৰ্থ ভট্টাচাৰ্য