ETV Bharat / state

তিনি কিশোৰীক দিল্লীলৈ লৈ যোৱা অৱস্থাত আটক যুৱতী

তিনি কিশোৰীক ৰে’লেৰে দিল্লীলৈ কাম দিম বুলি লৈ যোৱাৰ পথতেই সোণাৰিৰ ভজো আৰক্ষীয়ে সন্দেহযুক্ত এগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হয় (3 minor and 1 girl arrested)৷

Four lady arrested at Bhojo Station
তিনি কিশোৰীক দিল্লীলৈ লৈ যোৱা অৱস্থাত যুৱতীক আটক
author img

By

Published : Sep 6, 2022, 8:17 PM IST

সোণাৰি, 6 ছেপ্টেম্বৰ: "দিল্লীত মোৰ এজনী বান্ধৱী থাকে ৷ মই তালৈ যাম বুলি কওঁতে ইহতেঁও মোৰ লগত যাম বুলি ক’লে ৷ মই ইহঁতক যাবলৈ মানা কৰাৰ পিছতো যাম বুলি কৈছিল সেইকাৰণে লৈ আহিছিলো ৷ তাত থকা মোৰ বান্ধৱীগৰাকীৰ মাতৃ মানসিকভাৱে বিকাৰগ্ৰস্ত ৷ সেইবাবে ইহঁতে তাত কাম কৰিম বুলি কৈছিল ৷" তিনি কিশোৰীক দিল্লীলৈ নিবলৈ যো-জা চলোৱা যুৱতীৰ অকপট স্বীকাৰোক্তি (3 minor girl rescued)৷

তিনি কিশোৰীক দিল্লীলৈ লৈ যোৱা অৱস্থাত যুৱতীক আটক

ৰাজ্যত বিভিন্ন সময়ত বহিঃৰাজ্যলৈ অসমৰ যুৱতী সৰবৰাহ কৰা ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে অন্য এক ঘটনা (Human trafficking case in Assam) ৷ তিনি কিশোৰীক ৰে’লেৰে দিল্লীলৈ কাম দিম বুলি লৈ যোৱাৰ পথতেই সোণাৰিৰ ভজো আৰক্ষীয়ে সন্দেহযুক্ত এগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হয় (3 minor and 1 girl arrested)৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইয়াৰে ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ যুৱতী গৰাকীয়ে আন তিনিগৰাকী যুৱতীক দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰোতেই আটক কৰিলে ৰে’ল আৰক্ষীয়ে ৷ জানিব পৰা মতে যুৱতী তিনি গৰাকীৰ ঘৰত নজনোৱাকৈয়ে দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷

আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকীয়ে কিশোৰী তিনিগৰাকীৰ ঘৰত নজনোৱাকৈ তেওঁলোকক কাম দিয়াৰ প্ৰলোভনেৰে লৈ আহিছিল ৷ যুৱতীগৰাকীয়ে নিজ ভাষ্যত কোৱা অনুসৰি তেওঁ বাৰে বাৰে কিশোৰী কেইগৰাকীক ঘৰত ক’বলৈ দিয়াৰ পিছতো তেওঁলোকে লগত যাবলৈ একপ্ৰকাৰৰ জেদ কৰিছিল ৷ সেইবাবেহে যুৱতীগৰাকীক বান্ধৱীৰ মাতৃক চোৱাচিতা কৰিবলৈ লৈ যাবলৈ সিদ্ধান্ত লৈছিল যুৱতীগৰাকীয়ে ৷

সম্প্ৰতি ৰে’ল আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে যুৱতীগৰাকীক (Four lady arrested at Bhojo Station)৷ উল্লেখযোগ্য যে প্ৰায়েই টিংখাঙৰ ৰাজপথৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীসহ যুৱতীগৰাকী । আৰক্ষীয়ে আগন্তুক সময়ত সঠিক তদন্ত কৰিলে এক ডাঙৰ চক্ৰ পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: মৰ্গত মাতৃৰ মৃতদেহ: চিকিৎসালয়ৰ পৰা সন্ধানহীন দুই শিশু সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.