ETV Bharat / state

Jal Jeevan Mission: মাহমৰাত জলজীৱন মিছনৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Mar 27, 2023, 7:38 AM IST

মাহমৰাত জলজীৱন মিছনৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী যোগেন মহনে ৷ চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ কোৰোকানি দেউৰী গাঁৱত দেওবাৰে জল জীৱন মিছনৰ অধীনত স্থাপন হ'বলগীয়া এটা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় (Foundation stone of Jal Jeevan Mission) ৷

Foundation stone of Jal Jeevan Mission  in Mahmora
মাহমৰাত জলজীৱন মিছনৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ

জলজীৱন মিছনৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ

মৰাণ, 27 মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি হ'ল জল জীৱন মিছন ৷ গ্ৰামাঞ্চলৰ ঘৰে ঘৰে প্ৰতিদিনে ন্যূনতম ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰে আৰম্ভ কৰিছিল জলজীৱন মিছন ৷ অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ কৰা হৈছে জল জীৱন মিছন ৷ জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব বুলি দাবী কৰি আহিছে ৰাজ্য চৰকাৰে (Jal Jeevan Mission in Assam) ৷

ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী দিয়াৰ লক্ষ্যৰে এই আঁচনি কাৰ্যকৰী কৰা হৈছে । কিন্তু এই আঁচনিৰ কাম লেহেমীয়া হোৱাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । এটা দিনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ লগত জড়িত ঠিকাদাৰ অভিযন্তা সকলৰ লগত মিলিত হৈছিল গুৱাহাটীত । এই আঁচনি ৰূপায়ণত অলপো কৃপণালি নকৰিবলৈ অভিযন্তা, ঠিকাদাৰ সকলক কঠোৰ সকীয়নি দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰ পাচতেই যেন গা লৰিল সকলোৰে ৷ জল জীৱন মিছনৰ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পাচতে মাহমৰাত জল জীৱন মিছনৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী যোগেন মহনে । চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ কোৰোকানি দেউৰী গাঁৱত দেওবাৰে জল জীৱন মিছনৰ অধীনত স্থাপন হ'বলগীয়া এটা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় (Jal Jeevan Mission in Mahmora Constituency) ৷

অসম চৰকাৰৰ মন্ত্ৰী তথা মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহনে স্থাপন কৰে আধাৰশিলা ৷ কোৰোকানি দেউৰী গাঁৱত এই উদ্দেশ্যে অনুষ্ঠিত সভাত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াৰ লগতে স্থানীয় উদয়পুৰ পঞ্চায়তৰ সভানেত্ৰী তথা কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে (Jogen Mohan Minister Assam Govt)।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এক অভিলাষী আঁচনি হ'ল জল জীৱন মিছন ৷ কিন্ত এই আচঁনি ৰূপায়ণত অসমত বিভিন্ন সময়ত, বিভিন্ন ঠাইত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উথ্থাপিত হৈ আহিছে (Jal Jeevan Mission scam) ৷ একাংশ দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে এই আচঁনিৰ সৈতে জৰিত হৈ প্ৰহসনত পৰিণত কৰিছে চৰকাৰৰ অভিলাষী এই আচঁনিক (Allegation of scam in Jal Jeevan Mission) ৷

লগতে পঢ়ক:Assam CM at Rangia : ৰঙিয়াত 545.19 কোটি টকা প্ৰকল্পৰ আন্তঃগাঁথনি উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.