মৰাণ,১৭ মে': ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা অধিক থকা স্থানসমূহ বৰ্তমান প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে, যাতে সংক্ৰমণ কাষৰীয়া অঞ্চললৈ বিয়পিব নোৱাৰে । কিন্তু কণ্টেইনমেণ্ট জ'নত থকা বহু দৰিদ্ৰ পৰিয়ালে এতিয়া খাদ্যৰ নাটনিত ভূগিছে ।
এনে সংকটৰ সময়তে এই লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে ৰাজ্যৰ মন্ত্ৰী, বিধায়ক আৰু বিভিন্ন সংগঠনে । শেহতীয়াকৈ চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডোমৰ দলং চাহ বাগিচাত থকা এটা কণ্টেইমেণ্ট জ'নৰ পৰিস্থিতিৰ বুজ লয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী তথা স্থানীয় বিধায়ক যোগেন মহনে ।
জ'নটোত থকা লোকসকলৰ মাজত খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰো বুজ লয় অসম চৰকাৰৰ নৱ নিৰ্বাচিত মন্ত্ৰী যোগেন মহনে ।
এই জটিল সময়ত প্ৰত্যেকজন নাগৰিককে এজনে আনজনলৈ সহায়ৰ হাত আগবঢ়াই চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলি মহামাৰীক পৰাজিত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: 'দ্য ইভেণ্ট'ৰ উদ্যোগত যোৰহাটত অৰ্কিড ৰোপণ কাৰ্যসূচী