সোণাৰি,17 অক্টোবৰ : সোণাৰিত ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলৰ। সোণাৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৃহস্পতিবাৰে সোণাৰিত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। অসমৰ ৰাজনীতিৰ প্ৰভাৱশালী নেতাৰ ভিৰত দ্বিতীয় দিছপুৰলৈ পৰ্যবসিত হৈছে সোণাৰি। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ হৈ প্ৰচাৰ চলাবলৈ সোণাৰিত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৰ্তমানৰ মুখ্যমন্ত্ৰী বনাম প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰচাৰ যুদ্ধই সোণাৰিত শুকুৰবাৰে উষ্ণ পৰিৱেশৰ সৃষ্টি কৰে ৷
সোণাৰিৰ নিৰ্বাচনী প্ৰচাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈয়ে বিজেপি বিধায়ক মৃণাল শইকীয়াক প্ৰত্যাহ্বান জনাই কয় যে,"এই সকলোবোৰ কংগ্ৰেছ দলক বদনাম কৰাৰ অপচেষ্টা ৷ বিজেপিয়ে কংগ্ৰেছক ভ্ৰষ্টাচাৰী দল বুলি কয় কিন্তু আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মই বুঢ়া বয়সত ৰে'লৰে আহিব লগা হৈছে তাৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল হেলিকপ্তাৰ লৈ আহিছে ৷ বিজেপি হৈছে চৰম প্ৰতাৰকৰ দল ৷ বিজেপিয়ে মাথো কংগ্ৰেছে বনোৱা ৰাস্তাকে মেৰামতি কৰি উন্নয়নৰ গুণানুকীৰ্ত্তন কৰি আহিছে ৷" উল্লেখযোগ্য যে আইদেউ পুখুৰীত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ উক্ত নিৰ্বাচনী সভাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নেতা কৃষ্ণ বড়াৰ নেতৃত্বত অৰ্ধ শতাধিক যুৱকে কংগ্ৰেছত যোগদান কৰে ৷