ETV Bharat / state

চৰাইদেউত ২৬ লাখ ৭০ হাজাৰ টকাৰ নিচাজাতীয় সামগ্ৰী দহন - drugs

শনিবাৰে চৰাইদেউ আৰক্ষীয়ে যোৱা দুটা বছৰ জব্দ কৰা প্ৰায় ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী দাহ কৰা হয় । দহন কৰে মন্ত্ৰী যোগেন মহনে ৷

Drugs burn by Minister jogen Mohan in charaideo
চৰাইদেউত ২৬ লাখ ৭০ হাজাৰ টকাৰ নিচাজাতীয় সামগ্ৰী দহন
author img

By

Published : Jul 24, 2021, 6:23 PM IST

মৰাণ, 24 জুলাই : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিদিনে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোটি টকীৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য দহন কৰাৰ পাছত শনিবাৰে চৰাইদেউ জিলাতো দহন কৰা হয় কেইবা লাখ টকাৰ ড্ৰাগছৰ তথা নিচা জাতীয় সামগ্ৰী ৷

চৰাইদেউ আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা অবৈধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য আনুষ্ঠানিকভাৱে দাহ কৰে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে প্ৰায় ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী দহন কৰা হয় । বিশেষকৈ ২০ লাখ টকাৰ মূল্যৰ ২৮৭.০১ গ্ৰাম ব্ৰাউন চুগাৰ দাহ কৰা হয় বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, ড্ৰাগছ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে চৰাইদেউৰ আৰক্ষীয়ে ৷ এতিয়ালৈকে ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে নিচা জাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে কেইবাগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷

সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰী যোগেন মহনে কয়, ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ী কোনো ক্ষেত্ৰতে সাৰি যাবলৈ দিয়া নহ'ব ৷ ইতিমধ্যে সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ড্ৰাগছ বিৰুদ্ধে চৰাইদেউ আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: বগা হাতীত পৰিণত কৃষি বিভাগৰ ১০ কোটি টকীয়া প্ৰকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.