মৰাণ,৭ এপ্ৰিল: চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড আৰু অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰা হয় । চৰাইদেউ জিলাৰ অতিৰিক্ত দণ্ডাধীশ মৌচুমী চেতিয়াই জাৰি কৰে এই ঘোষণা । চৰাইদেউ জিলাৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ ৫ কিঃমিঃ পৰিসৰত জাৰি কৰা হৈছে এই নৈশ সান্ধ্য আইন । সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন জাৰি কৰিছে চৰাইদেউ জিলা প্ৰশাসনে । পৰৱৰ্তী ৬০ দিনৰ বাবে এই আদেশ বাহাল থাকিব বুলি জনাইছে জিলা প্ৰশাসনে । আইন-শৃংখলা অটুত ৰাখিবলৈকে এই সান্ধ্য আইন জাৰি কৰা হৈছে বুলি জনাই চৰাইদেউ জিলা প্ৰশাসনে ।
অসম-নাগালেণ্ড আৰু অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলসমূহত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ জাৰি কৰা হৈছে সান্ধ্য আইন । অৱশ্যে দণ্ডাধীশ, সেনা, চিআৰপিএফ জোৱান, আৰক্ষী, অসামৰিক বিষয়াসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই ।
সান্ধ্য আইন জাৰি কৰা অঞ্চল সমূহ হৈছে অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ নামতোলা, সাপেখাতী, সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ আৰু অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ সাপেখাতী, বৰহাট, চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ । এই আদেশ ভংগকাৰীৰ বিৰুদ্ধে আইপিচিৰ ১৮৮ ধাৰা অনুসৰি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
লগতে পঢ়ক: বঙাইগাঁৱত পথ দুৰ্ঘটনাত নিহত এগৰাকী শিক্ষক