চৰাইদেউ, 13 জুনঃ চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন প্ৰথমজন COVID-১৯ ৰোগীক ঘৰলৈ প্ৰেৰণ কৰা হয় ৷ সোণাৰিৰ ৰজাপুখুৰীস্থিত চিকিৎসালয় খনৰ ক'ভিড কক্ষত যোৱা 4 জুনত ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগৰাকীক । ব্যক্তিগৰাকী কাকতিবাৰী পহুচুঙী গাঁৱৰ বুধিন্দ্ৰ বৰুৱা (২১) বুলি জানিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে যে চেন্নাইৰপৰা ঘৰলৈ উভতি আহি চৰাইদেউ জিলাৰ মৰাণত কোৱাৰেণ্টাইন হৈ থকা সময়তে দেহত কৰ'ণা ভাইৰাছ পজিটিভ ধৰা পৰাত ব্যক্তিগৰাকীক ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ৰ ক'ভিড কক্ষত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসালয়খনৰ চিকিৎসক ডাঃ মিলন কুমাৰৰ তত্বাৱধানত থাকি বিগত দিনকেইটাত চিকিৎসা গ্ৰহণ কৰাৰ অন্তত সুস্থ হৈ উঠাত শুকুৰবাৰে চিকিৎসালয় কৰ্তৃপক্ষই বুধিন্দ্ৰ বৰুৱাক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে । সেই অনুসৰি চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকি যুৱক জনক গামোচা পিন্ধাই বিদায় দিয়ে চিকিৎসালয়খনৰ পৰা ৷
লগতে পঢ়কঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ