ETV Bharat / state

কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ - Bhupesh Baghel campaign at Sonari

বুধবাৰে সোণাৰিৰ টাওকাক চাহ বাগিচাত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমষ্টিটোত বিহু, ঝুমুৰৰ লগতে অন্যান্য জনগোষ্ঠীয় নৃত্য উপভোগ কৰা দেখা যায় বাঘেলক ।

সোণাৰিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ভূপেশ বাঘেল

author img

By

Published : Mar 17, 2021, 5:52 PM IST

মৰাণ,17 মাৰ্চ: 106 নং সোণাৰি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নামিল ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৷ বুধবাৰে সোণাৰিৰ টাওকাক চাহ বাগিচাত সোণাৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমষ্টিটোত বিহু, ঝুমুৰৰ লগতে অন্যান্য জনগোষ্ঠীয় নৃত্য উপভোগ কৰা দেখা যায় বাঘেলক । ইফালে প্ৰচাৰ সভাত দিয়া ভাষণত বাঘেলে কয়, অসমৰ ৰাইজক নিৰ্বাচনী টোপ দি পাঁচ বছৰ খালে বিজেপি চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও যোৱা পাঁচ বছৰত অসমৰ স্বাৰ্থত কোনো দায়ৱদ্ধমূলক কাৰ্য গ্ৰহণ কৰা দেখা নগ’ল বুলি মন্তব্য প্ৰকাশ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বাঘেলে ৷

সোণাৰিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ভূপেশ বাঘেল

'অসমত এতিয়া বিজেপিৰ DOUBLE ENGINE নীতি চলিছে । এগৰাকী সৰ্বানন্দ সোণোৱাল আৰু আনগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ নীতিত চলিছে অসম ৷ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ গাদী দখলৰ যুঁজখনে অসমৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰে' ৷ ভাষণত এইদৰে মন্তব্য প্ৰকাশ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷

লগতে পঢ়ক: গোলকগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.