ETV Bharat / state

আহোম ৰাজত্বৰ সোণালী ইতিহাসৰ পৰ্যটনৰ সম্ভাৱনাক লৈ আৰম্ভ হ'ল চৰাইদেউ মহোৎসৱ - Assam Tourism

Charaideo Mahotsav 2024 : আজিৰে পৰা ৩ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ ৷

Charaideo Mahotsav 2024
পৰ্যটন বিভাগৰ উদ্যোগত চৰাইদেউ মহোৎসৱ
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 4:29 PM IST

আৰম্ভ হ'ল চৰাইদেউ মহোৎসৱ

মৰাণ, 5 জানুৱাৰী : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোম ৰাজত্বৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলী ৷ বিগত 7 অক্টোবৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিছিল ইউনেস্ক'ৰ (UNESCO) বিশেষ প্ৰতিনিধিয়ে ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া এই চৰাইদেউ মৈদামত অতি উলাহ-মালহেৰে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ ৷

আজিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ- 2024 ৷ পুৱা মূল তোৰণ উন্মোচন কাৰ্যসূচীৰে এই চৰাইদেউ মহোৎসৱ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ৷ ইয়াৰ পাছত মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ ইয়াৰ পাছত স্মৃতি তৰ্পণ, স্বৰ্গদেউ সকললৈ শ্ৰদ্ধাঞ্জলি অর্পণ আৰু বান-ফি পূজা হয় ৷

দুপৰীয়া গ্ৰন্থমেলা আৰু বিপণি, পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য মেলা উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে ৷ দুপৰীয়া সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱৰ মঞ্চ শুভ উদ্বোধন কৰাৰ পাছতে সন্ধিয়া স্বর্গদেউ চাওলুং ছ্যুকাফাৰ সমাধিস্থলীত 101 গচি বস্তি প্ৰজ্বলন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পাছতেই "চে-ৰাই-ডয়" শীৰ্ষক তথ্যচিত্ৰ প্ৰদর্শন উদ্বোধন কৰিব অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড৹ দিপীৰেখা কুলীয়ে ৷ সন্ধিয়া স্থানীয় আৰু জিলাৰ শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ৷ মহোৎসৱৰ তিনিওটা দিনতে আহোম সকলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, খাদ্য সম্ভাৰ, সাজ-পোছাক আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে অসম চৰকাৰৰ পৰ্যটন বিভাগে ৷

লগতে পঢ়ক : ক'লা আইন বাতিলৰ দাবীত লখিমপুৰত কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.