ETV Bharat / state

চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ

চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ ৷ 25 টা বন্যহস্তীৰে সজ্জিত এটা বৃহৎ জাকে বাসগৃহ ভাঙি পেলোৱাৰ লগতে তহিলং কৰিলে খেতি-পথাৰ৷ পৰিয়ালটিক অঞ্চলটোৰ সভাপতিয়ে সাজি দিলে এটি অস্থায়ী বাসগৃহ ৷

author img

By

Published : Aug 3, 2020, 11:18 AM IST

Updated : Aug 3, 2020, 11:23 AM IST

Charaideo_ELEPHANT_TERROR
চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ

চৰাইদেউ, 3 আগষ্ট: চৰাইদেউ জিলাৰ সোণাৰিত বনৰীয়া হাতীৰ তাণ্ডৱ । সোণাৰিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অধিনৰ ৰাইডঙীয়া নকছাৰী গাঁৱত ২৫ টা বন্যহস্তীৰে সজ্জিত জাকে তহিলং কৰিলে মদন বাউৰী নামৰ লোকজনৰ বাসগৃহ । বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত হয় লোকজনৰ ঘৰৰ পিছফালে থকা শাক-পাচলিও ।

চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ

অন্য এক খবৰৰ বাবে: শিলচৰত উত্তেজনাময় পৰিৱেশ

বন্যহস্তীৰ তাণ্ডৱত কথমপি প্ৰাণৰক্ষা পৰে মদন বাউৰীৰ চাৰিজনীয়া পৰিয়ালটিৰ । দিশহাৰা পৰিয়ালৰ কাষত সোমবাৰে ৰজাপুখুৰি গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা উপস্থিত হয় ৷ সভাপতিগৰাকীয়ে স্থানীয় ৰাইজৰ সহযোগত মদন বাউৰী পৰিয়ালৰ বাবে অস্থায়ী বাসগৃহ এটি নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে লোকজনৰ সাহায্য প্ৰদানৰ বাবে চৰকাৰক অনুৰোধ জনাই ৷

Last Updated : Aug 3, 2020, 11:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.