ETV Bharat / state

ন উদ্যমেৰে বিহুলৈ সাজু চৰাইদেউ বিহু হুঁচৰি দল

author img

By

Published : Apr 10, 2021, 10:36 AM IST

মঞ্চৰ লগতে গৃহস্থৰ চোতালত বিহু পৰিৱেশনৰ বাবে সাজু হৈ উঠিছে চৰাইদেউ বিহু হুঁচৰি দল । ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি এইবাৰ ২৭ বৰ্ষত ভৰি দিয়া বিহু দলটিয়ে অব্যাহত ৰাখিছে আখৰা ।

charaideo-bihu-husori-dol-practice-for-rongali-bihu
ন উদ্যমেৰে বিহুলৈ সাজু চৰাইদেউ বিহু হুঁচৰি দল

মৰাণ,10 এপ্ৰিল: বিহুলৈ মাথোঁ মাজত কেইটামান দিন বাকী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া পূৰ্ণগতিত চলিছে বিহুৰ আখৰা । পিছপৰি ৰোৱা নাই চৰাইদেউ বিহু হুঁচৰি দল । মঞ্চৰ লগতে গৃহস্থৰ চোতালত বিহু পৰিৱেশনৰ বাবে সাজু হৈ উঠিছে দলটো ।

ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি এইবাৰ ২৭ বৰ্ষত ভৰি দিয়া বিহু দলটিয়ে অব্যাহত ৰাখিছে আখৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এজাক যুৱক-যুৱতীৰে গঠন কৰা বিহু দলটিয়ে পূৰ্বৰ বছৰবোৰত বিভিন্ন বিহু মঞ্চত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লগতে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

ইফালে বিগত বৰ্ষত ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নহ'ল যদিও এইবাৰ ন-উদ্যমেৰে বিহু পৰিৱেশনৰ বাবে সাজু হৈ উঠিছে চৰাইদেউ বিহু হুঁচৰি দল ।

লগতে পঢ়ক: প্ৰযুক্তিৰ ব্যৱহাৰ: তিনি ফুট উচ্চতালৈ উঠিল বাংলো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.