ETV Bharat / state

এজনো চিকিৎসক নাই সোণাৰিৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত - BARHAT HEALTH CENTRE

স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ উদঙাইছে চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই । চিকিৎসক অবিহনেই চলিছে বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । চিকিৎসা সেৱা লাভ নকৰাকৈয়ে স্বাস্থ্য কেন্দ্ৰৰ পৰা উভতিবলগীয়া হৈছে ৰোগী ।

Borhat health centre is running without Doctor
এজনো চিকিৎসক নাই সোণাৰিৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত
author img

By

Published : Oct 18, 2021, 6:35 PM IST

মৰাণ, ১৮ অক্টোবৰ: বিজেপি চৰকাৰৰ দিনত ৰাজ্যত কেইবাখনো মেডিকেল কলেজ স্থাপন কৰা হ'ল । স্বাস্থ্যখণ্ডৰ উন্নয়নৰ জয়গানো ৰাইজে শুনিলে । কিন্তু প্ৰকৃততে গ্ৰামাঞ্চলৰ একাংশ ৰাইজৰ বাবে এয়া সকলো অসাৰ প্ৰতিপন্ন হৈছে । কিয়নো এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্য কেন্দ্ৰসমূহৰ অৱস্থা তথৈবচ ।

ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হৈছে চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । এই স্বাস্থ্য কেন্দ্ৰটোত ৪৫ দিনৰো অধিক সময় ধৰি এজনো চিকিৎসক নাই । ৫২ খন ৰাজহ গাঁৱৰ ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হৈছিল । কিন্তু বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজনো চিকিৎসক নথকাত সমস্যাৰ সন্মুখীন হৈছে বৃহৎ অঞ্চলটোৰ ৰাইজে ৷

এজনো চিকিৎসক নাই সোণাৰিৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত

বহু দূৰৰ পৰা ৰোগীয়ে চিকিৎসাৰ বাবে বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় ঠিকেই, পিছে চিকিৎসক নাপাই পুনৰ ঘৰমুৱা হ'বলগীয়া হয় ৷ গৰ্ভৱতী মহিলাই স্বাস্থ্য কেন্দ্ৰলৈ আহিলেও চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হয় ।

স্বাস্থ্যকৰ্মীসকলে ৰোগীক সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া হয় । বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়া এনেকৈয়ে চিকিৎসা সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে ৷ সেয়ে, অতি শীঘ্ৰে বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক নিযুক্তি দিয়াৰ বাবে বৰহাটৰ ৰাইজে দাবী জনাইছে ।

অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে ৰাইজে ।

লগতে পঢ়ক:তুলসী ৰুই কাতি বিহু পালনৰ প্ৰস্তুতিত ব্যস্ত এজাক কিশোৰ-কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.