ETV Bharat / state

AJYCP Protest : চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত বিসংগতিৰ অভিযোগ

author img

By

Published : Jan 19, 2022, 10:10 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP Protest in various Parts of Assam) ৷ শিৱসাগৰ, যোৰহাট, মৰাণকে ধৰি বহু স্থানৰ ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHIDCL) ৰ দ্বাৰা নিৰ্মাণ কৰি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত বিসংগতি সংঘটিত (Alligation of scam against NHIDCL) হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

ajycp-protest-in-various-parts-of-assam
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত বিসংগতিৰ অভিযোগ

যোৰহাট/মৰাণ, 19 জানুৱাৰী : বুধবাৰে ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ শিৱসাগৰ, যোৰহাট, মৰাণকে ধৰি বহু স্থানৰ ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHIDCL) ৰ দ্বাৰা নিৰ্মাণ কৰি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত বিসংগতি সংঘটিত (Alligation of scam against NHIDCL) হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত পশ্চিম যোৰহাটৰ ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত এক কাৰ্যসূচীৰ জৰিয়তে ২০১৬ চনত আৰম্ভ কৰা হৈছিল চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য ৷ কিন্তু নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ নহ’ল ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য ৷ যোৰহাটৰ পৰা ডিব্ৰুগড় পৰ্যন্ত পথটো উন্নয়নৰ নামত পৰিলক্ষিত হ’ল একপ্ৰকাৰৰ ভেঁকোভাওনা ৷

যোৰহাটত প্ৰতিবাদ

বৰ্তমান সময়ত একপ্ৰকাৰ জৰাজীৰ্ণ হৈ পৰা পথটোৰে যাত্ৰা কৰাতো হৈ পৰিছে যথেষ্ট দুৰূহ ৷ সেয়ে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি যোৰহাট জিলা সমিতিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সৈতে জড়িত থকা পথ নিৰ্মাণকাৰী সংস্থা NHIDCL ৰ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী তুলি সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকৰ্তা-সদস্যসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

সমান্তৰালকৈ মৰাণতো প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ স্থানীয় কৰ্মকৰ্তা-সদস্যসকলে ৷ জাঁজীৰ পৰা মৰাণলৈ বন্ধ হৈ থকা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা, পথ নিৰ্মাণৰ দায়িত্বত থকা কোম্পানী NHIDCL ৰ বিষয়া পংকজ সিঙক গ্ৰেপ্তাৰ কৰা, চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান GDCIL ক ব্লেক লিষ্টেড কৰা, চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ কামত নিয়োজিত থলুৱা কৰ্মচাৰী আৰু যোগানকাৰীৰ প্ৰাপ্য আদায় পোৱাৰ ব্যৱস্থা কৰাৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷

চৰাইদেউত প্ৰতিবাদ

সংগঠনটোৰ কৰ্মীসকলে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত তথা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHIDCL) ৰ কাৰ্যবাহী সঞ্চালক পংকজ সিঙৰ পুত্তলিকা দাহ কৰাৰ লগতে কাৰ্যবাহী সঞ্চালকগৰাকীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৷ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰামচন্দ্ৰ দত্ত, সম্পাদক ঝৰ্ণা মহন, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জিত চাংমাই, ক্ৰীড়া সম্পাদক দিগন্ত গগৈসহ পৰিষদৰ সদস্যসকল উপস্থিত থাকে ৷

লগতে চাওক: AJYCP Protest : শিৱসাগৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.