ETV Bharat / state

Ek Asom yatra:চৰাইদেউত অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 5:24 PM IST

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত সেৱা লৈ চৰাইদেউত অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা ৷ সোণাৰিত এক অসম যাত্ৰাত অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ সমালোচনা লুৰীণজ্যোতি গগৈৰ ৷

ajp president lurinjyoti gogoi slams assam govt at charaideo ek asom yatra procession
অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

ডিব্ৰুগড়, 4 অক্টোবৰ : অসম জাতীয় পৰিষদে বিগত 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰে ‘এক অসম যাত্ৰা’ ৷ ধুবুৰীৰ নেতাইধুবুনী ঘাটৰ পৰা আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাই বুধবাৰে ১৪ দিনত ভৰি দিলে । এক অসম যাত্ৰাৰ ১৪ নম্বৰ দিনটোত চৰাইদেউ জিলাৰ ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ল অসম জাতীয় পৰিষদ দলে । বুধবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত সেৱা লৈ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই চৰাইদেউৰ সোণাৰিত এক অসম যাত্ৰাৰ বিশাল শোভাযাত্ৰা বাহিৰ কৰে ।

ঐতিহাসিক চৰাইদেউত বিভিন্ন সাংস্কৃতিক দল, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আহি এই এক অসম যাত্ৰাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । এই শোভাযাত্ৰাৰ মাজতে সোণাৰিৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিমূৰ্তি, চিলাৰায়ৰ প্ৰতিমূৰ্তি আৰু গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনাই অসম জাতীয় পৰিষদৰ নেতৃত্বই । শোভাযাত্ৰাৰ মাজতে বিভিন্নজনে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সাহস আৰু উৎসাহ প্ৰদান কৰা পৰিলক্ষিত হয় ।

সোণাৰিত ‘এক অসম যাত্ৰা’ত অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে । এই এক অসম যাত্ৰাৰ জৰিয়তে অসমৰ ৰাইজৰ মাজত সাম্প্ৰদায়িকতা নাইকিয়া কৰি সমন্বয় সৃষ্টি কৰাই মূল উদ্দেশ্যে বুলি মন্তব্য কৰে তেওঁ । বিভাজনৰ ৰাজনীতি কৰিছে বুলি বিজেপি চৰকাৰক সমালোচনা কৰি ‘বিজেপিয়ে ধৰ্মৰ নামত সমাজ ভাঙিব খুজিছে, আমি সকলোকে সমমৰ্যদা দি আগুৱাই নিবলৈ চেষ্টা কৰিছো’ বুলি উল্লেখ কৰে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : Ek Asom Yatra:সৰ্বশ্ৰেষ্ঠ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা :লুৰীণজ্যোতিৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.