ETV Bharat / state

AJP Foundation Day : যুঁজি যুঁজি জাতীয়তাবাদৰ ধ্বজা উৰুওৱাৰ সংকল্প লুৰীণজ্যোতি গগৈৰ

author img

By

Published : Dec 17, 2022, 2:05 PM IST

আজি অসম জাতীয় পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস (AJP 2nd Foundation Day)৷ শনিবাৰে অজাপৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত, সোণাৰি নাজিৰা সমষ্টি সমিতি আৰু নিমনাগড় আঞ্চলিক সমিতিৰ সহযোগত চৰাইদেউ জিলাৰ মথুৰাপুৰত আয়োজন কৰা হৈছে দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (AJP Foundation Day celebrated in Charaideo)৷

AJP 2nd Foundation Day celebrated in Charaideo
অসম জাতীয় পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস

মৰাণ, 17 ডিচেম্বৰ: দুবছৰ গৰকিলে অসম জাতীয় পৰিষদে (AJP Foundation Day celebrated in Charaideo)৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে (CAA Movement in Assam) ৰাজ্যজুৰি হোৱা আন্দোলনৰ প্ৰেক্ষাপটতে 2020 চনৰ 17 ডিচেম্বৰ তাৰিখে জন্মলাভ কৰিছিল অসম জাতীয় পৰিষদে ৷ আজি অসম জাতীয় পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস (AJP 2nd Foundation Day)৷

চৰাইদেউ জিলাৰ মথুৰাপুৰত অনুষ্ঠিত কৰা হৈছে আঞ্চলিক ৰাজনৈতিক দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (Central Foundation Day)৷ শনিবাৰে অজাপৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত, সোণাৰি নাজিৰা সমষ্টি সমিতি আৰু নিমনাগড় আঞ্চলিক সমিতিৰ সহযোগত আয়োজন কৰা হয় দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷ জাতীয়তাবাদী আদৰ্শৰে জন্মগ্ৰহণ কৰা দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে কেন্দ্ৰীয় নেতৃত্বই।

এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ ইয়াৰ পাছতেই শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক জগদীশ ভূঞাই । দল গঠন হোৱাৰ পাছত বিগত কেইবাটাও নিৰ্বাচনত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ শোচনীয় পৰাজয় হৈছিল যদিও পুনৰ যেন নতুন সংকল্পৰে আগবাঢ়িব জাতীয় পৰিষদ, তাৰে পণ লৈছে জাতীয় পৰিষদৰ নেতা-কৰ্মী সকলে। যুঁজি যুঁজি জাতীয়তাবাদৰ ধ্বজা উৰুওৱাৰ সংকল্প ল'লে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (AJP President Lurinjyoti Gogoi) ।

সভাপতি গগৈয়ে কয়, "সততা আৰু নিষ্ঠাৰে আগবাঢ়ি যোৱাটোৱেই আমাৰ সংকল্প আৰু লক্ষ্য । মূল কাৰ্যালয়ত আজি দুটা বছৰে এবাৰো নুনুমুৱাকৈ দুটা লেম্প জ্বলাই ৰাখিছো ৷ জাতিৰ কাৰণে, জাতিৰ সুৰক্ষাৰ কাৰণে অসম জাতীয় পৰিষদে তেজ সংকল্প লৈছে । ভণ্ড জাতীয়তাবাদী সকলৰ বিৰুদ্ধে সকলোৱে সংঘবদ্ধভাৱে যুঁজ দিব লাগিব । যুঁজি যুঁজি জাতীয়তাবাদৰ ধ্বজা এদিন নীলিম আকাশত উৰুৱাম ৷"

লগতে পঢ়ক: Assam Govt Recruitment : তৃতীয়বৰ্গৰ ১৩,৩০০ পদত নিযুক্তিৰ দক্ষতা পৰীক্ষা ২১ ডিচেম্বৰৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.