ETV Bharat / state

মৰাণত আছুৰ অৱস্থান ধৰ্মঘট - ধৰ্মঘট

মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন । ১৭ ছেপ্টেম্বৰত সংঘটিত গুলীচালনাৰে জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে ।

মৰাণৰ গুলীচালনাৰে জড়িত দোষীৰ শাস্তিৰ দাবীত আছুৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Sep 29, 2020, 12:47 PM IST

মৰাণ, ২৯ ছেপ্টেম্বৰ : মৰাণত সংঘটিত গুলীচালনাৰ ঘটনাৰে জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বিশ্বকৰ্মা পূজাৰ দিনা অৰ্থাত ১৭ ছেপ্টেম্বৰত নিশা থমচন তিনিআলিত এই ভয়াৱহ ঘটনা সংঘটিত হয় । ঘটনা সংঘটিত হোৱাৰ পিছতে সংবাদমেলযোগে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছিল চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই ।

সোমবাৰে পুনৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । চৰাইদেউ জিলাত অপ্ৰয়োজনীয় আৰু নীতি বৰ্হিঃভূতভাৱে আগ্নেয়াস্ত্ৰ লাভ কৰা কাৰ্য বন্ধ কৰাৰো দাবী জনায় সংগঠনটোৱে । মৰাণৰ গুলীচালনাৰ ঘটনাৰ সৈতে মাহমৰা সমষ্টিৰ বিধায়কৰ ঘনিষ্ঠ লোকৰ নাম সাঙোৰ খাই পৰাৰ কথাও পোহৰলৈ আহিছে । শীঘ্ৰে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ গৃহ বিভাগক দাবী জনায় ছাত্ৰ সংগঠনটোৱে ।

লগতে পঢ়ক : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.