ETV Bharat / state

মাহমৰাৰ এটা জৰাজীৰ্ণ পথে এতিয়া জীয়াতু ভোগাইছে সকলোকে

author img

By

Published : Jul 24, 2020, 8:14 PM IST

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ উদয়পুৰ পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক মাহমৰা আলিৰ পৰা কৈলাডুবি গাঁৱলৈ সংযোগী পথটোৰ বিধ্বস্ত অৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক । পথটো নিৰ্মাণৰ বাবে চৰকাৰ,স্থানীয় বিধায়ক যোগেন মহনকে ধৰি পঞ্চায়ত প্ৰতিনিধিৰ ওচৰত আবেদন কৰিও কোনো সুফল পোৱা নাই গাঁওবাসীয়ে ।

মাহমৰাৰ এটা জৰাজীৰ্ণ পথে এতিয়া জীয়াতু ভোগাইছে সকলোকে
মাহমৰাৰ এটা জৰাজীৰ্ণ পথে এতিয়া জীয়াতু ভোগাইছে সকলোকে

টিংখাং,২৪ জুলাই: পথ নহয় যেন এটা গো-বাটহে। এই পথেৰে যাতায়ত কৰিবলৈ হ'লে হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় পথচাৰীয়ে । কাৰণ বাৰিষা অহাৰ লগৰ লগে পথটো ভৰি থাকে একাঠু বোকাৰে। আজি পৰ্যন্ত এটি শিলগুটিও নপৰা এই পথটোৰ দুৰৱস্থাই এতিয়া বাৰুকৈ কন্দুৱাইছে দুৰ্ভগীয়া ৰাইজক ।

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ উদয়পুৰ পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক মাহমৰা আলিত পৰা কৈলাডুবি গাঁৱলৈ সংযোগী এই পথটোৰ বিধ্বস্ত অৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ।

অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ লোকে নিতৌ এই পথটোৰেই যাতায়ত কৰিবলগীয়া হয় । বাৰিষা আহিলেই পথটোত ঠায়ে-ঠায়ে একাঠু পৰ্যন্ত বোকা হৈ পৰাৰ ফলত বোকাময় পথটোৰে জৰুৰী কালিন সেৱা এম্বুলেঞ্চকে ধৰি চাৰিচকীয়া বাহন সোমাব নোৱাৰাৰ বাবে ৰোগী আৰু প্ৰসূতি সকলে জীয়াতু ভোগ কৰিবলগীয়া হয়। সংকটকালীন সময়ত ৰোগী অথবা প্ৰসূতি সকলক ঠেলা নতুবা কান্ধত তুলি চিকিৎসালয়লৈ নিব লগাৰ এক পৰিস্থিতিৰ সৃষ্টি হয় ।

আনহাতে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্রতো চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ছাত্ৰ -ছাত্ৰীসকলে। ইয়াৰ উপৰি কৃষি,বেপাৰ,বাণিজ্য আদিৰ ক্ষেত্ৰতো ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ ।

পথটো নিৰ্মাণৰ বাবে চৰকাৰ,স্থানীয় বিধায়ক যোগেন মহনকে দৰি ধৰি পঞ্চায়ত প্ৰতিনিধিৰ ওচৰত আবেদন কৰি ভাগৰি পৰিছে দুৰ্ভগীয়া গাঁওবাসী ।

লগতে চাওকঃ মহানগৰীত ক'ভিডৰে যুঁজি সুস্থ হোৱা চিকিৎসা কৰ্মীক উলিয়াই দিলে ঘৰৰ মালিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.