সোণাৰি,১৬ মাৰ্চ : অসম চৰকাৰ আৰু আলফা(স্বাধীন)ৰ মাজত শান্তি আলোচনাক লৈ বিভিন্ন ধৰণৰ জল্পনা কল্পনা অব্যাহত আছে (Peace talk between ULFA and Assam govt)। দুয়োটা পক্ষ এতিয়াও বিপৰীত স্থিতিত আছে । অৱশ্যে শান্তি আলোচনাৰ প্ৰসংগ শীঘ্ৰেই সমাপ্ত হ'ব বুলিও আশাবাদী বিভিন্নজন । কিন্তু ইয়াৰ মাজতে পুনৰ আলফা স্বাধীনৰ লিংকমেন আটক ।
উল্লেখ্য যে আলফা(স্বাধীন)ৰ বিভিন্ন কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ইফালে অসমৰ মুখ্যমন্ত্ৰীয়ে আলফা(স্বাধীন)ৰ সৈতে আলোচনাৰ কথা কৈ থকাৰ সময়তে আলফা(স্বাধীন)য়ে উজনি অসমত আৰম্ভ কৰিছে সদস্য ভৰ্তিৰ লগতে সংগঠনৰ বিভিন্ন কাম-কাজ । আলফা(স্বাধীন)ৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত ৰখাৰ সময়তে সোণাৰিত আলফা (স্বাধীন)ৰ লিংকমেনৰ সন্দেহত ৫ জনকৈ যুৱকক আটক কৰে আৰক্ষীয়ে (ULFA link man detained)।
চৰাইদেউ আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰে আটাইকেইজন সন্দেহযুক্ত লিংকমেনক (ULFA link man detained in Charaideo)। আটকাধীন যুৱক কেইজন হ'ল আমগুৰিৰ বিশ্বজিৎ খনিকৰ, পাটসাঁকোৰ পাপু গগৈ, গেলেকীৰ কমল আলী, বিহুবৰৰ মুন্না খান আৰু ৰাহুল শেখ ।
সম্প্ৰতি সোণাৰি আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে চৰাইদেউ আৰক্ষীয়ে । জানিব পৰা মতে দীৰ্ঘদিন ধৰি আলফা(স্বাধীন)ৰ লগত যোগাযোগ ৰাখি আহিছে যুৱক কেইজনে । অৱশ্যে আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব সকলো তথ্য ।
লক্ষণীয়ভাৱে শান্তি আলোচনাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট তৎপৰ হৈ পৰিছিল (ULFA and Assam govt peace talk)। মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে আলফা আৰু চৰকাৰৰ মাজৰ আলোচনা আগবঢ়াই নিয়াৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছিল । কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে সলনি হৈ পৰিল সকলো পৰিৱেশ ।সমান্তৰালকৈ বিগত প্ৰায় ১ বছৰ ধৰি আলফা(স্বাধীন) লৈও অসমৰ বহু যুৱক-যুৱতী আকৰ্ষিত হোৱা দেখা গৈছে (Youth joined ULFA)। আনকি উজনি অসমৰ বহু স্থানত আলফা(স্বাধীন) লৈ যোগদানৰ বাবে যোৱাৰ সন্দেহত বহু লোকক আৰক্ষীয়ে আটকো কৰিছে ।
লগতে পঢ়ক :HSLC question paper leak : ১০০ টকাতো বিক্ৰী হৈছিল প্ৰশ্নকাকত !