ETV Bharat / state

Operation against child marriage : সোণাৰিত আৰক্ষীৰ জালত ৪৯ জন

author img

By

Published : Feb 3, 2023, 1:50 PM IST

বাল্যবিবাহৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষীৰ অভিযান (Operation against child marriage)। এতিয়ালৈ ৰুজু প্ৰায় ৮০ টা গোচৰ । ৪৯ জন লোকক আটক কৰিছে আৰক্ষীয়ে । বাকী অভিযুক্তসকলক বিচাৰি অনুসন্ধান আৰম্ভ ।

Operation against child marriage
সোণাৰিত আৰক্ষীৰ জালত ৪৯ জন
সোণাৰিত আৰক্ষীৰ জালত ৪৯ জন

সোণাৰি,৩ ফেব্ৰুৱাৰী : বাল্যবিবাহৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে অসম চৰকাৰ (Child Marriage in Assam)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতে ৰাজ্যজুৰি অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । ৰাজ্যত ৪০০০ ৰো অধিক বাল্যবিবাহ সম্পৰ্কীয় গোচৰ ৰুজু হৈছে । জিলাই জিলাই ৰুজু হৈছে গোচৰ ।

চৰাইদেউ জিলাৰো কেইবাখনো থানাত বাল্যবিবাহ সম্পৰ্কীয় বহুকেইটা গোচৰ ৰুজু হৈছে (Child Marriage case in Charaideo)। জিলাখনত বাল্যবিবাহ সম্পৰ্কীয় ঘটনাত ৭৮ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে । জিলাখনত এতিয়ালৈ আৰক্ষীয়ে ৪৯ জনক আটক কৰা হৈছে । বৃহস্পতিবাৰে নিশাৰ পৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে অভিযুক্ত লোকসকলক ।

আটকাধীন লোকসকলৰ ভিতৰত ৪০ জন সোণাৰি সদৰ থানাত আটক হৈছে । ২ জন কাকতিবাৰী আৰক্ষী থানাত, ২ জন নামতোলা আৰক্ষী থানাত, বৰহাটত ২ জন , চৰাইপুঙত ৩ জন । অৱশ্যে সোণাৰি আৰক্ষীয়ে আটকাধীন লোকসকলৰ কোনো ধৰণৰ তথ্য এতিয়ালৈ ৰাজহুৱা কৰা নাই (Child Marriage case registered in Charaideo)। আনহাতে লোকসকলক সংবাদ মাধ্যমৰ আগলৈও আহিবলৈ দিয়া নাই ।

উল্লেখ্য যে চৰাইদেউ জিলাৰ সোণাৰি সদৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ৪৯ জনক আটক কৰা হৈছে যদিও বাকী সকলক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে (49 child marriage case accuse arrested in Sonari)।ইফালে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া বিষয়টো বহুতে আদৰণি জনালেও একাংশই চৰকাৰক সমালোচনাও কৰিছে । কিয়নো আটক কৰা বহু লোকে বহু বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল । বহুতৰে সন্তান আছে ।

তেনেস্থলত বিবাহিত পুৰুষসকলক আটক কৰাৰ পাছতেই এতিয়া পৰিয়ালসমূহৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । কিন্তু এটা কথা ঠিক যে অসমৰ বাবে বাল্যবিবাহ এক জলন্ত সমস্যা । প্ৰতিবছৰে অসমত শ শ বাল্যবিবাহৰ দৰে অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে ।

ইফালে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক বিবৃতিযোগে বাল্যবিবাহ সন্দৰ্ভত উদ্বেগজনক তথ্য প্ৰকাশ কৰে ৷ তেওঁ জনোৱা মতে বিগত ১০ দিনত অসমত বাল্যবিবাহৰ বিৰুদ্ধে ৪০০৪ টা গোচৰ ৰুজু হৈছে (Operation against child marriage in Assam)। জানিব পৰা মতে অসমত বছৰি কমেও ৫০ হাজাৰ বাল্যবিবাহ হয় । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।

লগতে পঢ়ক :Operation against Child marriage: নলবাৰীত বাল্য বিবাহ বিৰোধী অভিযান ২৯ জনকৈ স্বামীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.