ETV Bharat / state

চৰাইদেউৰ আন্তঃৰাজ্যিক সীমান্তত ১৪৪ ধাৰা জাৰি - সান্ধ্য আইন

চৰাইদেউ জিলাৰ সীমাঞ্চলৰ ৫ কিলোমিটাৰ পৰিসৰত থকা নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলসমূহত ১৪৪ ধাৰাৰ জাৰি কৰিছে জিলা প্ৰশাসনে ৷ সীমন্তৱৰ্তী অঞ্চলসমূহত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন বাহাল থাকিব ৷

144 in inter state border of Charaideo
চৰাইদেউৰ আন্তঃৰাজ্যিক সীমান্তত ১৪৪ ধাৰা জাৰি
author img

By

Published : Oct 11, 2021, 9:57 PM IST

চৰাইদেউ, 11 অক্টোবৰ : ৰাজ্যবাসী এতিয়া দুৰ্গা পূজাৰ আনন্দত মতলীয়া হৈছে । চৰকাৰেও নতুন SOP অনুসৰি পূজা পালন আৰু উপভোগৰ বাবে সুবিধা কৰি দিছে ৰাইজক । ইয়াৰ মাজতে চৰাইদেউ জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিদেৰ্শনা ৷

চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ বিনিতা পেগুৱে এক নিৰ্দেশনাযোগে জিলাখনৰ ৫ কিলোমিটাৰ পৰিসৰত থকা নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলসমূহত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ সান্ধ্য আইন জাৰি কৰিছে । সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে জাৰি কৰা এই সান্ধ্য আইন পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব ।

144 in inter state border of Charaideo
চৰাইদেউৰ আন্তঃৰাজ্যিক সীমান্তত ১৪৪ ধাৰা জাৰি

লগতে পঢ়ক:সাৱধান : 24 ঘন্টাত ৰাজ্যৰ 270 গৰাকী ক'ভিড আক্ৰান্ত

সান্ধ্য আইন জাৰি কৰা অঞ্চলসমূহ হৈছে ক্ৰমে অসম-নাগালেণ্ড সীমাৱৰ্তী অঞ্চলৰ নামতোলা, সাপেখাতী আৰু সোণাৰি আৰক্ষী চকীৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ আৰু অসম-অৰুণাচল প্ৰদেশৰ সীমাৱৰ্তী অঞ্চলৰ সাপেখাতী, বৰহাট, চৰাইপুং আৰক্ষী চকীৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ ।

প্ৰশাসনৰ নিৰ্দেশ ভংগ কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অনুসৰি আইন মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে চৰাইদেউ জিলা প্ৰশাসনে । অৱশ্যে এই ক্ষেত্ৰত কৰ্মত নিয়োজিত দণ্ডাধীশ, সেনা, চি আৰ পি এফ, আৰক্ষী আৰু অসামৰিক বিষয়াসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: উপ-নিৰ্বাচন: ৩৯ গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.