গুৱাহাটী, ২৩ মে': দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো আজি নিৰ্বাচনৰ ফলাফলক লৈ ব্যাপক উৎসাহ - উদ্দীপনাৰ মাজতে এক অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰিল গুৱাহাটী মহানগৰী । বৃহস্পতিবাৰে দিনৰ প্ৰায় ৪:৩০ বজাত উজান বজাৰ বিদ্যুৎ উপ - সংমণ্ডলৰ অন্তৰ্গত আমবাৰীৰ বিদ্যুৎ পইণ্টত ১১,০০০ কে.বি. বিদ্যুৎ পৰিবাহী তাঁৰ জ্বলি উঠে ।
এই ঘটনা সংঘটিত হয় যদিও বিদ্যুৎ সংমণ্ডলৰ তৎপৰতাত কোনো ধৰণৰ বিপদ সংঘটিত নোহোৱাকৈ পৰিবাহী তাঁৰডালৰ জুই নিৰ্বাপন কৰা হয় ।