ETV Bharat / state

আইন ৰক্ষকেই সুৰক্ষিত নহয় অসমত

এইবাৰ মহানগৰীৰ মাজ-মজিয়াত যানবাহন আৰক্ষীক ৰ'ডেৰে আক্ৰমণ দুৰ্বৃত্তৰ।

অভিযুক্ত ট্ৰাক চালকজন বৰ্তমান আৰক্ষীৰ জিন্মাত
author img

By

Published : Apr 30, 2019, 2:39 PM IST

গুৱাহাটী, ৩০ এপ্ৰিলঃ সাংবাদিকৰ পাচত এইবাৰ ৰাজ্যত আৰক্ষী নিগ্ৰহ । কি সাংবাদিক, কি আৰক্ষী, কি সাধাৰণ জনতা এই অসম মুলুকত কোনো সুৰক্ষিত নহয়।
এইবাৰ মহানগৰীৰ মাজ-মজিয়াত যানবাহন আৰক্ষীক ৰ'ডেৰে আক্ৰমণ দুৰ্বৃত্তৰ ।

অভিযুক্ত ট্ৰাক চালকজন বৰ্তমান আৰক্ষীৰ জিন্মাত
উল্লেখ্য যে, জালুকবাৰীৰ হজ ভৱনৰ সন্মূখত ন' পাৰ্কিঙত ৰখাবলৈ চেষ্টা কৰিছিল CG04ML 4354 নম্বৰৰ ছয়চকীয়া এখন ট্ৰাকে। কিন্তু উক্তস্থানত ট্ৰাকখন ৰখোৱাত বাধা দিছিল কৰ্তব্যৰত জালুকবাৰী আৰক্ষী চকীৰ যানবাহন শাখাৰ কনিষ্টবল দ্বীজেন চন্দ্ৰ দাসে। এই ঘটনাক কেন্দ্ৰ কৰিয়ে চালক লক্ষ্মণ হায়াট আৰু আৰক্ষী কনিষ্টবলৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। অবৈধ স্থানত ট্ৰাক ৰখাবলৈ বাধা দিয়াৰ বাবেই ট্ৰাক চালক গৰাকীয়ে ৰ'ডেৰে আক্ৰমণ কৰে গুণ্ডাৰূপী চালকজনে। হাতত আঘাতপ্ৰাপ্ত আৰক্ষী কনিষ্টবলজন আক্ৰমণৰ পাটত উক্ত স্থানতে ঢলি পৰে। পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতা প্ৰাণৰক্ষা পৰে আৰক্ষী কনিষ্টবলগৰাকীৰ। ইফালে কনিষ্টবলগৰাকীৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ট্ৰাকসহ চালক লক্ষ্মণ হায়াটক গ্ৰেপ্তাৰ কৰে।

এতিয়া প্ৰশ্ন উঠিছে আইন ৰক্ষাকাৰীৰ সুৰক্ষিত নোহোৱা এইখন অসমত কোনদিশে গতি কৰিছে আইন-শৃংখলাজনিত পৰিস্থিতি ।

অভিযুক্তৰ ট্ৰাকখন আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে

আৰু পঢ়ক সঁচাকৈয়ে হিমালয়ৰ শিখৰত আছে নেকি হিমমানৱ!

Slug: as_ghy_traffic attack_801_as10002

Headline: ৰাজ্যত হৈছে কি? এইবাৰ যানবাহন আৰক্ষীক ৰডেৰে আক্ৰমণ দুৰ্বৃত্তৰ

বিগত কিছুদিন ধৰি ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। সাংবাদিক নিগ্ৰহৰ পিছত এইবাৰ যানবাহন আৰক্ষীক কোবাই আঘাতপ্ৰাপ্ত কৰিছে দুৰ্বৃত্তই। জালুকবাৰীৰ হজ ভৱনৰ সন্মূখত ন' পাৰ্কিঙত ৰখাবলৈ চেষ্টা কৰিছিল এইখন CG04ML 4354 নম্বৰৰ ছচকীয়া ট্ৰাক। ট্ৰাকখন ৰখোৱাত বাধা দিছিল উক্ত স্থানত কৰ্তব্যৰত জালুকবাৰী আৰক্ষী চকীৰ যানবাহন শাখাৰ কনিষ্টবল দীজেন চন্দ্ৰ দাসে। এই ঘটনাক কেন্দ্ৰ কৰিয়ে চালক লক্ষ্মণ হায়াট আৰু আৰক্ষী কনিষ্টবলৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। অবৈধ স্থানত ট্ৰাক ৰখাবলৈ বাধা দিয়াত ৰডেৰে বৰবেয়াকৈ আক্ৰমণ কৰে গুণ্ডাৰূপী চালকজনে। হাতত আঘাতপ্ৰাপ্ত আৰক্ষী কনিষ্টবলজন উক্ত স্থানতে ঢলি পৰে। পিছত স্থানীয় লোকৰ তৎপৰতা প্ৰাণৰক্ষা পৰে আৰক্ষী কনিষ্টবলগৰাকীৰ। ইফালে কনিষ্টবলগৰাকীৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ট্ৰাকসহ চালক লক্ষ্মণ হায়াটক গ্ৰেপ্তাৰ কৰে। এই ঘটনাই পুণৰবাৰ প্ৰমাণ কৰিলে বৰ্তমান ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি কেনে অৱস্থা গতি কৰিছে। 

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.