ETV Bharat / state

টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ বিভিন্ন প্ৰান্ত - সিদ্ধাৰ্থ ভটাচাৰ্য্য

ৰাজ্যৰ মহানগৰী গুৱাহাটী, যোৰহাট,লখিমপুৰ,নগাঁও,শিলচৰ,হোজাই,ওদালগুৰি,তিনিচুকীয়া,গোলাঘাট,লখিমপুৰ,ধেমাজি,মৰিগাঁও,শিৱসাগৰ,ধুবুৰী, বৰপেটাকে আদি কৰি সমগ্ৰ জিলাৰে টেট শিক্ষকসকলে মঙলবাৰে ৰূপায়ণ কৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী।

ৰাজ্যত টেট শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Jun 18, 2019, 5:44 PM IST

Updated : Jun 18, 2019, 5:55 PM IST

নিউজ ডেস্ক,১৮ জুন : ৰাজ্যৰ হাজাৰ হাজাৰ টেট শিক্ষকক লৈ তাচিল্যসূচক মন্তব্য কৰাৰ লগতে শীঘ্ৰে চাকৰি নিয়মীয়াকৰণৰ দাবীত মঙলবাৰে প্ৰতিবাদত নামিল ৰাজ্যৰ টেট শিক্ষকসকল। শিক্ষক সমাজক টুলুঙা মন্তব্য কৰাৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভটাচাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰে শিক্ষকসকলে। ন্যায্য প্ৰাপ্তিৰ বাবে এনেদৰে মানৱ সম্পদ গঢ়া শিক্ষক সকলে এতিয়া শ্ৰেণীকোঠা এৰি ৰাজপথত ৰূপায়ন কৰিছে প্ৰতিবাদী কাৰ্যসূচী ।

ৰাজ্যত টেট শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যৰ মহানগৰী গুৱাহাটী,যোৰহাট,লখিমপুৰ,নগাঁও,শিলচৰ,হোজাই,ওদালগুৰি,তিনিচুকীয়া,গোলাঘাট,লখিমপুৰ,ধেমাজি,মৰিগাঁও,শিৱসাগৰ, ধুবুৰী,বৰপেটা, শোণিতপুৰ, বঙাইগাঁওকে আদি কৰি সমগ্ৰ জিলাৰে টেট শিক্ষকসকলে মঙলবাৰে ৰূপায়ণ কৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী।

ইপিনে,বিজেপি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আজিপৰ্যন্ত হৈ নুঠাত ক্ষোভ প্ৰকাশ কৰে শিক্ষক -শিক্ষয়িত্ৰীসকলে। আনহাতে,শিক্ষামন্ত্ৰীৰ অপমানসূচক মন্তব্যই তেওঁলোকক আঘাত কৰা বুলি উল্লেখ কৰি এই বিষয়টো মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰিব লাগে বুলি দাবী কৰে। একেদৰে এনচিটিৰ গাইড লাইন অনুসৰি,এজন শিক্ষক হোৱাৰ বাবে যি অৰ্হতা আৰু দক্ষতাৰ প্ৰয়োজন সেইখিনি ৰাজ্যৰ একচল্লিশ হাজাৰ টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীৰ আছে । সেয়ে শিক্ষামন্ত্ৰীয়ে এই সকল শিক্ষক শিক্ষয়িত্ৰীক পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ কৰাব বিচাৰিলেও তেওঁলোক কেতিয়াও পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ নহয় বুলি উল্লেখ কৰে। ঠিকাভিত্তিক টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে শিক্ষক-শিক্ষয়িত্ৰী সকলে ।

টেট শিক্ষকৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী।।
Last Updated : Jun 18, 2019, 5:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.