গোলাঘাট, 13 মাৰ্চঃ গোলাঘাটৰ ধনশিৰী নদীত জপিয়াই আত্মহত্যা এগৰাকী যুৱতীৰ । গোলাঘাটৰ চুইছাইদ জ'ন নামেৰে পৰিচিত হৈ পৰা নগাবালি দলঙৰ পৰা ধনশিৰি নদীত জপিয়াই আত্মহত্যা গোলাঘাট মইনাপাৰাৰ যুৱতী জেচমিন চুলতানৰ । মঙলবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা জেচমিনে জিলাখনৰে ফলঙনী আলুবাৰীৰ কাচিম আলি নামৰ যুৱকজনৰ সৈতে একেলগে বাস কৰিছিল যুৱতী গৰাকী ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বুধবাৰে বিয়লি প্ৰায় তিনি বজাত দুয়ো অৰ্থাৎ জেচমিন আৰু কাচিনে ধনশিৰী নদীৰ দলঙৰ ওপৰত উপস্থিত হয় ৷ তাৰ পাচতে দুয়োৰে কথা-বাৰ্তাৰ পাচত যুৱতী গৰাকীয়ে জাপ দিছিল ধনশিৰী নদীত৷ যুৱতী গৰাকী নদীত জাপ দিয়া প্ৰত্যক্ষ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে কাচিন আলি ৷
আনহাতে, স্থানীয় ৰাইজে যুৱতী গৰাকীক জাপ দিয়া প্ৰত্যক্ষ কৰি উদ্ধাৰৰ কৰে যদিও ঘটনাৰ কিছু সময় পাচত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যুক সাৱটে জেচমিনে ৷ যুৱতী গৰাকীৰ পৰিয়ালৰ অভিযোগ কাচিমে নদীলৈ গতিয়াই দিছিল জেচমিনক ।
উল্লেখযোগ্য যে, গোলাঘাটৰ নগাবালি দলঙখন চুইছাদ জ'ন ৰূপে পৰিচিত হৈ পৰিছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷ দলঙখনৰ পৰা প্ৰত্যক মাহতে দুই তিনি জনলোকে নদীত জপিয়াই ইতিমধ্যে আত্মহত্যা কৰিছে । যাৰবাবে স্থানীয় ৰাইজে দলঙৰ দুই পাৰে পহৰা দিবলৈ দাবী জনাইছে নতুবা দলঙৰ দুই কাষত লোৰ বেৰৰ ব্যৱস্থা কৰিবলৈ গোলাঘাট প্ৰশাসনক দাবী জনায় ৷