গুৱাহাটী, 10 জুনঃ বিগত দুদিন ধৰি ৰাজ্যত বৃদ্ধি পাইছে গৰমৰ মাত্ৰা ৷ অসহ্যকৰ গৰমে অতিষ্ঠ কৰি তুলিছে ৰাজ্যবাসীক ৷
সোমবাৰে গুৱাহাটীৰ পাৰাস্তম্ভই সৰ্বাধিক 37 ডিগ্ৰী চেলচিয়াছৰ ঘৰ চুইছে ৷ গৰমৰ ফলতে ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই হাতত লয় বিশেষ ব্যৱস্থা ৷ ইতিমধ্যে ৰাজ্যিক চিৰিয়াখানাৰ কেইটিমান বিশেষ দৃশ্য ইটিভি ভাৰতৰ কেমেৰাত বন্দী হৈছে ৷
অধিক পঢ়কঃ জু-ৰোড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আটক শিক্ষক
গৰমৰ পৰা ৰক্ষা দিবলৈ চিৰিয়াখানাৰ জন্তুৰ গড়ালত সংযোজিত কৰা হৈছে পানীৰ ফোৱাৰাকে ধৰি ফেন আৰু অন্যান্য সকলো ব্যৱস্থা ৷ গৰমৰ বাবেই জীৱ-জন্তুৰ খাদ্যত সংযোজিত কৰা হৈছে অ' আৰ এছ ৷ এই কথা জানিবলৈ দিয়ে ৰাজ্যিক চিৰিয়াখানাৰ এগৰাকী পশু চিকিৎসকে ৷ অহা অক্টোবৰ মাহৰ ভিতৰত চিৰিয়াখানালৈ কেইবাটাও নতুন আলহীৰ আগমনৰ কথাও লগতে উল্লেখ কৰে পশু চিকিৎসকগৰাকীয়ে ৷