ETV Bharat / state

বিজেপি চৰকাৰে লাখ-লাখ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ পৰিকল্পনা কৰিছেঃ হীৰেন গোহাঁই

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেলত ডঃ হীৰেন গোহাঁইৰ লগতে উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক তথা সাহিত্যিক হৰেকৃষ্ণ ডেকা আৰু জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত

গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল
author img

By

Published : May 28, 2019, 4:45 PM IST

গুৱাহাটী, 28 মে': গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইয়ে ৷ কোটি কোটি টকা ব্যয়েৰে কৰা প্ৰচাৰৰ ফলতেই বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰা বুলি উল্লেখ কৰে হীৰেন গোহাঁইয়ে ৷ লগতে সংবাদমেলৰ জৰিয়তেই ৰাইজক কেব বিৰোধী স্থিতিত অটল থাকি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈও আহ্বান জনাই বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ৷

গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

সংবাদমেলত ডঃ হীৰেন গোহাঁইৰ লগতে প্ৰাক্তন আৰক্ষী সঞ্চালক তথা সাহিত্যিক হৰেকৃষ্ণ ডেকা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তও উপস্থিত থাকে ৷ বিজেপি চৰকাৰে লাখ লাখ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে ৷ ইয়াৰ উপৰিও বিজেপি চৰকাৰে ৫% কৰ বৃহৎ ক’ৰ্পৰেট গোষ্ঠীক ৰেহাই দিছে বুলিও অভিযোগ তোলে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সদস্যসকলে ৷

গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে মঞ্চৰ মূল হোতা ডঃ হীৰেন গোহাঁইে ৷ আমি ইতিমধ্যে এই আইনৰ বিৰুদ্ধে আমাৰ মন্তব্য ৰাখিছো ৷ বিগত নিৰ্বাচনৰ  বতাহ বিজেপিৰ পক্ষত গ'ল ৷ কিন্ত এই বতাহ কেনেকৈ গ'ল আমি ৰাইজক জনোৱা প্ৰয়োজন ৷  অন্যথা বিজেপি দলে বিচাৰ বিবেচনা কৰাত অসুবিধা পাব৷ আমি ৰাইজক আহ্বান কৰিছোঁ যাতে CABৰ বিৰোধী স্থিতিত অটল থাকে সকলো ৷ CABৰ বিৰোধিতা আমি কৰিবই লাগিব৷ইয়াৰ গতন্তৰ একো নাই ৷ লগতে তেওঁ কয় যে ৰাইজক আমি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ  আহ্বান জনাইছোঁ ৷  যাতে তেওঁলোকৰ মৌলিক অধিকাৰ ৰক্ষা পৰে ৷ 
একনায়কত্ববাদী চৰকাৰ খনে যাতে সেই অধিকাৰ কাঢ়ি নিব নোৱাৰে  ৷  
সংবাদমেলত  ডঃ হীৰেন গোহাঁইৰ লগতে 
প্ৰাক্তন আৰক্ষী সঞ্চালক তথা সাহিত্যিক হৰেকৃষ্ণ ডেকা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তও উপস্থিত থাকে ৷ সংবাদমেলতে অভিযোগ তুলে যে লাখ লাখ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে ৷ ইয়াৰ উপৰিও বিজেপি চৰকাৰে ৫% কৰ বৃহৎ ক’ৰ্পোৰেট গোষ্ঠীক ৰেহাই দিছে বুলিও আন এক অভিযোগ তুলে ৷ কোটি কোটি টকা ব্যয় কৰিহে বিজেপি চৰকাৰ শাসনলৈ আহিল বুলিও সংবাদ মেলত মন্তব্য কৰে মঞ্চৰ প্ৰতিগৰাকী লোকে

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.