ETV Bharat / state

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু - গুৱাহাটী

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু । মন্ত্ৰীৰ বাসগৃহৰ বাহিৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ ভিৰ ।

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু
author img

By

Published : Jun 15, 2019, 11:59 AM IST

Updated : Jun 17, 2019, 11:58 AM IST

গুৱাহাটী,15 জুনঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহৰ বাহিৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ভিৰ। মন্ত্ৰীগৰাকীয়ে বাসগৃহৰ প্ৰৱেশ দুৱাৰ সাগৰ বীজপ্লেক্সৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলৰ বাবে বন্ধ কৰি দিয়াত প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰে। শুকুৰবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উলুবাৰীস্থিত বাসগৃহৰ মুখ্য প্ৰৱেশ দুৱাৰেৰে সাগৰ বীজপ্লেক্সৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলৰ বাবে অহা-যোৱা কৰা পথটো বন্ধ কৰি দিয়ে। মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এই কাৰ্যত ক্ষোভিত হৈ সাগৰ বীজপ্লেক্সৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ পিছতে মন্ত্ৰীৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় ।

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু

মন্ত্ৰীগৰাকীৰ লগত হোৱা চুক্তি অনুসৰি পূৰ্বেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে তেওঁৰ বাসগৃহৰ পথটো ব্যৱহাৰ কৰিব পাৰিব বুলি অনুমতি দিয়াৰ কথা জানিব পৰা গৈছে যদিও মন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে হঠাৎ পথটো বন্ধ কৰি দিয়াত প্ৰতিষ্ঠানটোত কৰ্মৰত লোকসকল বিপদত পৰে । ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও বন্ধ ৰখা হৈছে প্ৰৱেশ দুৱাৰ।

লগতে পঢ়কঃ সাহিত্য অকাডেমীৰ যুৱ বঁটা অসমৰ দুই যুৱ সাহিত্যিকলৈ

Intro:শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু। মন্ত্ৰীৰ বাসগৃহৰ বাহিৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ ভিৰ।

Body:শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বাসগৃহৰ বাহিৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ ভিৰ। মন্ত্ৰীয়ে বাসগৃহৰ প্ৰৱেশ দুৱাৰ সাগৰ বীজপ্লেক্সৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলৰ বাবে বন্ধ কৰি দিয়াত প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই মন্ত্ৰীৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে।

যোৱা কালি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ উলুবাৰীস্থিত তেওঁৰ বাসগৃহৰ মুখ্য প্ৰৱেশ দুৱাৰেৰে সাগৰ বীজপ্লেক্সৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলৰ অহা-যোৱা কৰা পথটো বন্ধ কৰি দিয়ে। মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ এই কাৰ্যত ক্ষোভিত হৈ সাগৰ বীজপ্লেক্সৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ পিছতে মন্ত্ৰীৰ বাসগৃহৰ বাহিৰত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হয় যাতে কোনো ধনৰণৰ অপ্ৰীতিক পৰিস্থিতিৰ সৃষ্টি নহয়। মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগত হোৱা চুক্তি অনুসৰি সাগৰ বীজপ্লেক্সৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে তেওঁৰ বাসগৃহৰ পথটো ব্যৱহাৰ কৰিব পাৰিব বুলি জানিবলৈ পৰা গৈছে যদিও মন্ত্ৰী গৰাকীয়ে যোৱা কালি হঠাৎ পথটো বন্ধ কৰি দিয়াত প্ৰতিষ্ঠানটোত কৰ্মৰত লোক সকল বিপদত পৰে। বৰ্তমান পল্টন বজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও মন্ত্ৰীয়ে প্ৰৱেশ দুৱাৰ বন্ধ ৰাখিছে।

বাইট : আৰক্ষী বিষয়া।

Conclusion:উল্লেখ্য যে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সাগৰ বীজপ্লেক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোক ভূমি ব্যক্তি কৰিছিল বুলি জানিব পৰা গৈছে।
Last Updated : Jun 17, 2019, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.