ETV Bharat / state

ৰে'ল ষ্টেচনৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৰে'ল আৰক্ষী

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিৰ্দেশত এমাহ জোৰা ষ্টেচনৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৷ অভিয়ানত ১০২জন লোকক আটক সহ জব্দ ১৬,৯৬৫ মূল্য টকাৰ ১০০৫ টা কৈ অনুমোদনহীন ব্ৰেণ্ডৰ পানী বটল ৷

author img

By

Published : Jul 17, 2019, 3:14 AM IST

ৰে'ল ষ্টেচনৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৰে'ল আৰক্ষী

গুৱাহাটী, 17 জুলাইঃ একাংশ অবৈধ ব্যৱসায়ীৰে ভৰি পৰিছে গুৱাহাটী ৰে'লৱে ষ্টেচন তথা প্লেটফৰ্ম । একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰীৰ নামত যাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতেই এইবাৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ হৈছে ৰে'ল বিভাগ তথা ৰে'ল আৰক্ষী ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিৰ্দেশত এমাহ জোৰা এক অভিযান আৰম্ভ কৰিছে ৰে'ল আৰক্ষীয়ে । বিভিন্ন সময়ত দেখা যায় ৰে'ল ষ্টেচনত ৰে'লত অনুমোদিত 'ৰেইল নীৰ' পানীৰ বিপৰীতে একাংশই বিক্ৰী কৰি আহিছে অনুমোদনহীন পানী বটল । এনে অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে যোৱা কিছুদিন ধৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ ষ্টেচনত ৰে'ল সুৰক্ষা বাহিনীয়ে চলাই এক অভিযান । ঘটনা সন্দৰ্ভত বিভিন্ন ষ্টেচনৰ পৰা মুঠ ১০২ জন লোকক আটক কৰাৰ লগতে ১৬,৯৬৫ মূল্যৰ ১০০৫ টা অনুমোদনহীন ব্ৰেণ্ডৰ পানীৰ বটল জব্দ কৰে ৰে'ল আৰক্ষীয়ে । এই ঘটনাৰ লগত জড়িত লোক সকলৰ পৰা ৩৭,৬০০ টকা জৰিমনা আদায় কৰে ৰে'ল আৰক্ষীয়ে । উল্লেখ্য যে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই যাব ৰে'ল আৰক্ষীয়ে ।

Intro:ৰেল পৰিসৰ আৰু প্লেটফৰ্মত এতিয়া একাংশ অবৈধ ব্যৱসায়ীৰে ভৰি পৰিছে। একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰীৰ নামত যাত্ৰীক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈ আছে। এই অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ হৈছে ৰেল বিভাগ তথা ৰেল আৰক্ষী। উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ নিৰ্দেশত এমাহ জোৰা এক অভিযান আৰম্ভ কৰিছে ৰেল আৰক্ষীয়ে। ৰেল ষ্টেচনত অথবা ৰেলত অনুমোদিত 'ৰেইল নীৰ' পানীৰ বিপৰীতে একাংশই বিক্ৰী কৰে অনুমোদনহীন পানী বটল। প্ৰথমে এই অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে যোৱা কিছুদিন ধৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ অধীনস্থ ষ্টেচনত ৰেল সুৰক্ষা বাহিনীয়ে চলাই এক অভিযান। ঘটনা সন্দৰ্ভত বিভিন্ন ষ্টেচনৰ পৰা মুঠ ১০২জন লোকক আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষীয়ে। ইয়াৰোপৰি ১৬,৯৬৫ মূল্যৰ ১০০৫টাকৈ অনুমোদনহীন বেণ্ডৰ পানীৰ বটল জব্দ কৰে। এই ঘটনাৰ লগত জড়িত লোকসকলৰ পৰা ৩৭,৬০০টকা জৰিমনা আদায় কৰে ৰেল আৰক্ষীয়ে। উল্লেখযোগ্য যে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই যাব ৰেল আৰক্ষীয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.