ETV Bharat / state

ৰাজনীতি পাহৰি একেলগে কঁকাল ভাঙি বিহু নাচিলে ববিতা আৰু কুইনে

author img

By

Published : Apr 14, 2019, 6:03 PM IST

দেওবাৰে ৰাজনীতি পাহৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত একেলগে কঁকাল ভাঙি বিহু নাচিলে গুৱাহাটী লোকসভা সমষ্টিৰ দুই প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপি প্ৰাৰ্থী কুইন ওঝাই । লতাশিলৰ বিহুত বিহু অনুষ্ঠানৰ মঞ্চ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা দহ গৰাকীকৈ ব্যক্তিক শ্ৰীময় বঁটা প্ৰদান কৰে ।

লতাশিলৰ বিহু

গুৱাহাটী,14এপ্ৰিল: লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ ব্যস্ততাৰ সমান্তৰালকৈ দেওবাৰে বিহু উপলক্ষে লতাশিলৰ বিহুত গুৱাহাটী লোকসভা সমষ্টিৰ দুটাকৈ প্ৰধান ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ইজনে সিজনক আক্ৰমণ কৰাৰ বিপৰীতে একেলগে উদযাপন কৰিলে বিহু । গুৱাহাটীৰ সবাতোকৈ পুৰণি বিহু সমিতি লতাশিলৰ বিহু অনুষ্ঠানত ৰাজনীতি পাহৰি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন ওঝাই একেলগে কঁকাল ভাঙি নাচিলে বিহু । ঢোলৰ তালে তালে ববিতা আৰু কুইনৰ লগত বিহু নৃত্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও । বিহু নাচনীৰ দলৰ মাজত তৰুণ গগৈৰ লগতে বিহু নৃত্যত ব্যস্ত হৈ পৰিল গুৱাহাটী লোকসভা সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থী । উল্লেখ্য যে লতাশিলৰ বিহুত প্ৰতিবছৰে অংশগ্ৰহণ কৰি নিজকে ডেকা অনুভৱ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এইবেলিও বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি পুৰণি বন্ধুক লতাশিলৰ বিহু মঞ্চত ল'গ পাই উৎফুল্লিত হৈ পৰে বুলি মন্তব্য প্ৰকাশ কৰে ৷

লতাশিলৰ বিহু

ইপিনে লতাশিলৰ বিহু অনুষ্ঠানৰ মঞ্চ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা দহ গৰাকীকৈ ব্যক্তিক শ্ৰীময় বঁটা প্ৰদান কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিহুৱে যিদৰে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি অসমীয়া জাতিক গঢ়ি তুলিছে ঠিক তেনেদৰে অসমীয়াই একত্ৰিত হৈ, শান্তি-সমৃদ্ধিৰে ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব ।

Intro:ৰাজনীতি পাহৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত একেলগে কঁকাল ভাঙি বিহু নাচিলে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন উঝা।

Body:গুৱাহাটীৰ সবাতোকৈ পুৰণি বিহু সমিতি লতাশিলৰ বিহু অনুষ্ঠানত ৰাজনীতি পাহৰি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন উঝাই কঁকাল ভাঙি নাচিলে বিহু। ঢোলৰ তালে তালে ববিতা আৰু কুইনৰ লগত বিহু নৃত্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ ব্যস্ততা এতিয়া তুংগত। ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলেও বিৰোধী দলৰ প্ৰাৰ্থীক চলাইছে আক্ৰমণ। আজি বিহু উপলক্ষে গুৱাহাটী লোকসভা সমষ্টিৰ দুটাকৈ প্ৰধান ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ইজনে সিজনক আক্ৰমণ কৰাৰ বিপৰীতে একেলগে উদযাপন কৰিলে বিহু। লতাশিলৰ বিহু অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে কংগ্ৰেছ ববিতা শৰ্মা আৰু বিজেপিৰ কুইন উঝাই প্ৰচাৰ অভিযান স্থগিত ৰাখি উদযাপন কৰিলে বিহু। বিহু নাচনীৰ দলৰ মাজত তৰুণ গগৈৰ লগতে বিহু নৃত্যত ব্যস্ত হৈ পৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ দুয়ো গৰাকী প্ৰাৰ্থী।

বাইট ১: কুইন উঝা

বিহু নৃত্যত অংশগ্ৰহণ কৰি নিজকে ডেকা অনুভৱ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিবছৰে লতাশিল বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে। বহু পুৰণি বন্ধুক লতাশিলৰ বিহু মঞ্চত ল'গ পাই উৎফুল্লিত হৈ পৰে বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট ২: তৰুণ গগৈ

লতাশিলৰ বিহু অনুষ্ঠানৰ মঞ্চ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা দহ গৰাকীকৈ ব্যক্তিক শ্ৰীময় বঁটা প্ৰদান কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিহুৱে যিদৰে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি অসমীয়া জাতিক গঢ়ি তুলিছে ঠিক তেনেদৰে অসমীয়াই একত্ৰিত হৈ, শান্তি-সমৃদ্ধিৰে ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব।

বাইট : সৰ্বানন্দ সোনোৱাল

Conclusion:লতাশিলৰ মুকলি বিহু অনুষ্ঠানত বিহু নৃত্যৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পী সকলেও নৃত্য প্ৰদৰ্শন কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.