নিউজ ডেস্ক, 7 জুলাইঃ চিবিআইৰ অতিৰিক্ত মহানিৰ্দেশক হিচাপে কৰ্মৰত আইপিএছ বিষয়া এম নাগেশ্বৰ ৰাওক কেন্দ্ৰীয় অসামৰিক সুৰক্ষা, গৃহৰক্ষী আৰু অগ্নিনিৰ্বাপন বাহিনীৰ মহানিৰ্দেশক নিযুক্তি দিয়া হয় ৷ শুকুৰবাৰে এক নিৰ্দেশনাযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিষয়াগৰাকীক বাহিনীটোৰ মহানিৰ্দেশক নিযুক্তি দিয়ে ৷
2020 চনৰ জুলাই মাহলৈ এই পদবীত অধিষ্ঠিত হৈ থাকিব বিষয়াগৰাকী ৷ ইয়াৰ পূৰ্বেই উক্ত পদবীৰ বাবে চিবিআইৰ প্ৰাক্তন মহানিৰ্দেশক আলোক বাৰ্মাক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল যদিও বিষয়াগৰাকীয়ে এই নিযুক্তি প্ৰত্যাখান কৰিছিল ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভনিতে ৰাওক আদালত অৱমাননাৰ বাবে উচ্চতম ন্যায়ালয়ে তলৱ কৰিছিল ৷ মুজাফৰপুৰ আশ্ৰয় গৃহৰ গোচৰত তদন্তকাৰী বিষয়াক কোনোধৰণৰ নিৰ্দেশনা অবিহনে বদলি কৰাৰ বাবে দেশৰ সৰ্বোচ্চ আদালতে তলৱ কৰিছিল বিষয়াগৰাকীক ৷